পৃষ্ঠা:ফুল.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
ফুল

ফুৰিছিল। আজি সিহঁতৰ কপাল ফুলিল, কোনোবা ফাললৈ যাবলৈ আহোঁতে চিকাৰ আহি আগতে ওলাল! আনন্দত অধীৰ হৈ দেবেন্দ্ৰ আৰু ফুলক লৈ গৈ সিহঁতৰ থকা ঠাইত উলিয়ালে। দেবেন্দ্ৰক এটা ভগা ঘৰত আৰু ফুলক ৰম্ভাক থোৱা ঘৰটোতে থলে, ওচৰত ৰখীয়া থাকিল।

  চওঁতে চাওঁতেই দিনমণি সূৰ্য্যই দীঘল বাহুৰে পুখুৰীৰ কমলিনীক সাবটি ধৰি, শেষ চুম্বন কৰিলে। হাত-ভৰি বন্ধা দেৱেন্দ্ৰই অকলে ভগা ঘৰত পৰি, দীঘল হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে। তেওঁৰ মনত কত চিন্তা, কত ভাবনা আৰু কত পুৰণি কথাই তোলপাৰ লগাইছে তাৰ অন্ত নাই। তেওঁ সকলো দুখ-যন্ত্ৰণা নীৰৱে সহি থাকি মনে মনে ভাবিলে,—“হৰি আছে, যদি মই একো দোষ কৰা নাই, যদি মই পাপ-পলবোকাত লেটি লোৱা নাই, তেন্তে নিশ্চয় তেওঁ মোৰ দুখ হৰণ কৰিব। এতিয়া তেওঁৰ চৰণ চিন্তায়েই একমাত্ৰ শান্তিৰ স্থল। কিন্তু ফুল! প্ৰাণেশ্বৰী! তোমাৰ কি গতি হব? তোমাৰ এই দুৰ্গতি চাবলৈ, তোমাৰ সুকোমল শৰীৰত নৰকৰ কুকুৰে হাত দিয়া দেখিবলৈ, মই ইমান দিন জীয়াই”—দেৱেন্দ্ৰৰ চকুৰ পৰা পানী ওলাল, মনৰ আবেগ ৰাখিব নোৱাৰি নিজৰ মূৰ নিজে আফালিবলৈ ধৰিলে।

 দস্যুহঁত খাই-বৈ মেলত বহিল। মদনে ক'লে,—আজি আমাৰ বৰ সুখৰ দিন; হেৰোৱা ৰতন পাই, মনত যি আনন্দ হৈছে, তাক কৈ অঁতাব নোৱাৰি। চোৱাঁচোন সেই মানুহটোৰ