পৃষ্ঠা:ফুল.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ফুল।

গৈ ঘৈণীয়েকৰ হাতত গতাই দি ক'লে—“এই ছোৱালীটীয়ে আজি কেবা সাজো ভাত খোৱা নাই, সোনকালে এমুঠি খাবৰ দিহা কৰি দে।”

 তাৰ পাচত বুঢ়া পথাৰলৈ গ'ল। বুঢ়ীয়ে ৰম্ভাক খুৱাই- বুৱাই কিবাকিবি কথাবতৰা হোৱাৰ পাচত তেওঁৰ ইচ্ছামতে শুবলৈ দিহা কৰি দিলে।

⸻:০:⸻




নবম অধ্যায়।

⸺:0:⸺

নতুন বিপদ।

 ৰাতিপুৱা শোৱাৰ পৰা উঠি মদন সদলে মেলত বহিল। কামৰ তালিকা বিবৃত কৰাৰ পাচত ক'লেঃ—“মই আৰু মেহেঙা এতিয়া কালি কোৱালৈ যাওঁ, পাৰিলে দুপৰতে ঘূৰিম, যদি নোৱাৰোঁ তেন্তে হলি আৰু কলীয়াই এখন নাও লৈ যাবি। বাকীবিলাক কিবাকিবি বিচাৰি গাৱঁলৈ যাব লাগিব।”

 এনেতে এটাই মাত লগালেঃ—“ক'তা, হলি দেখোন এতিয়াও নাহিল?”