সচকিত নেত্ৰে দুৱাৰলৈ চাই থাকি, কাকো দুৱাৰ ভাঙি সোমাবলৈ চেষ্টা কৰা নেদেখি বুজিলে মান অহা নাই। কিন্তু আকৌ ভাবিলে,—মানৰ বাহিৰে কোনে এই মাজ নিশা মনে মনে মোৰ চোতালত ভৰি দিবহি? তেনে হলে মানেই নে কি? যদি মান হয় তেন্তে ইমান বেলিয়ে ভিতৰ সোমোৱা নাই কিয়? নিশ্চয় সি মান নহয়। কোনোবা পথভ্ৰান্ত পথিক বা? কনকে মৰোঁ-জীওঁ-সোঁ-আধিকৈ মাত লগালে :— “কোন?”
‘মই দুৰণিবটীয়া মানুহ "
“কলৈ যোৱা?”
“থাকিবলৈ আশ্ৰয় বিচাৰি আহিছোঁ।”
কনকৰ মনৰ ভয় দূৰ হ’ল,দুৱাৰ মেলি দি ক'লে :— “ভিতৰলৈ সোমাই আহাঁ।”
“এটা ঘোৰা আছে, তাক বান্ধি থলে হে যাব পাৰোঁ।”
কনকে গোহালি ঘৰলৈ আঙুলীয়াই ক'লে — সেই ঘৰটোৰে মুখৰ খোটালী শুদা হৈ আছে, তাতে বান্ধা। মই যাব নোৱাৰোঁ, ধুতি কাপোৰেৰে আছোঁ। লগুৱাটোও ঘৰত নাই।
অলপ পাচত এটি বীৰ-লক্ষণ-সম্পন্ন ধুনীয়া ডেকা সোমাই আহিল। কনকে বহিবলৈ দি দেশীয় ৰীতিমতে তামোল ছালি খাবলৈ দিলে। তাৰ পাচত দুয়ো কথা-বাৰ্ত্তা হবলৈ ধৰিলে।
কনক।—বোপা। ইমান ৰাতি তুমি নো কলৈ যোৱা?