পৃষ্ঠা:ফুল.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তদশ অধ্যায়।

⸻:০:⸻

যেনে কৰ্ম তেনে ফল।

 ৰাতি প্ৰায় এপৰ অতীত হৈছে। ৰান্ধনীয়ে ভাত-পানী ৰন্ধাত ব্যস্ত হৈছে, আন মানুহ দুই-চাইটা গোট খাই বাজত বহি জুৰ লৈছে আৰু কোনো কোনোৱে পথি পঢ়ি ব্যাখ্যা কৰিছে।

 কনকচন্দ্ৰৰ ঘৰত কনকে ভাত ৰান্ধিছে, ৰম্ভাই মাৰল ঘৰত বহি সূতা উঘাইছে, লগুৱাটোৱে চ’ৰা ঘৰতে বহি খৰাহিৰ কাঠি তুলাই আছে। এনেতে গাৱঁত “মানঔ, মানঔ, পলাঔ, পলাঔ” কৈ চিঞৰ উঠিল। সঁচাকৈয়ে, মহগৰৰ ৰণত বহুতো লোকচান হোৱাত মানহঁতে যাৰে যিহকে পায় তাকে লুটি নিবলৈ ধৰিলে। আজি তাৰে গোটাচেৰেক আহি কনকহঁতৰ গাৱঁত সোমাইছে। চিঞৰ শুনি লগুৱাটোৱে হাতত কাঠি তুলোৱা নালীয়া কটাৰীখন লৈ থিয় হ’ল। কনক একেলৰেই আহি ৰম্ভাৰ ওচৰ চাপিল।

 অলপ পাচতে এটা মান আহি কনকৰ ঘৰ পালে। লগুৱা- টোৱে তাৰ গালৈ কটাৰীখন মাৰি দিলে, কিন্তু কটাৰী এফলীয়া