পৃষ্ঠা:ফুল.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ফুল।

মাজে মাজে দুই এটাৰ অৰ্থ সুধি শুনি থাকিবলৈ ধৰিলে। কিন্তু আজি তেওঁ অন্যমনস্ক। কনকে পঢ়িলে,—

শিশুৰ বিষয় আশা আগ,  যুবা সেৱা কৰে পায়া লাগ,
বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক।
হৰি ভকতিক পৰিহৰি  বৃদ্ধে বিষয়ক টেৰ কৰি
পুনু পালটিয়া নিৰখি আছে কিসক॥
বালকে কৰোক বহু মান,  যুবায়ে সেবোক পাৰে মান,
বৃদ্ধ বিষয়ৰ বহিৰ্ভূত হৈয়া গৈলা
ভোগ কৰিবাক নপাৰয়  তথাপিতো আশা নছাড়য়,
হৰি হৰি হৰি কিনো বিপৰীত ভৈলা॥
বৃদ্ধ সৱে জানা বিষয়ক ভোগ কৰিবাক নপাৰয়,
ভক্তিহীন বৃদ্ধে তাজিতে সমথ নয়।
দশন-বিহীন কুত্তা যেন  হাড় চোবাইবাক নপাৰয়,
জিহবা লৰবৰ কৰি মাত্ৰ চেলেকয়॥

 এইখিনিলৈকে পঢ়ি কনকে এটা বিষাদপূৰ্ণ হুমুনিয়া কাঢ়িলে, পুথিখন জপাই থৈ ফুলক কলে, “আই অ'। পানী এটোপা আনচোন, হাতটো ধোওঁ।” ফুলে পানী এলোটা আনি দিলে, কনক হাত ধুই ভাতৰ চৰুলৈ গ'ল। ফুলক কলে-“আই! ভাত বাঢ়োঁমানে অলপমান পঢ়চোন ”

 ফুলে লিখিবলৈ শিকা নাই যদিও পুথি পঢ়িব পাৰে। কনকৰ লৰা নথকাত ফুলকে ফলাকেখন আৰু বাৰেমতৰা শিকাইছিল। তাৰ সাহায্যেৰে তেওঁ এতিয়া দুখনমান সাঁচিপতীয়া পুথিও