বহি থাকোঁতেই এটা বুঢ়া হালোৱা নাঙল-গৰু লৈ ওচৰতে উপস্থিত হ'লহি। তেওঁৰ চকু ৰম্ভাৰ ওপৰত পৰিল; মুখত বিস্ময়ৰ ভাৱে দেখা দিলে; অলপমান বেলি একে থৰে ৰম্ভাৰ মুখলৈ চাই থাকি ওচৰলৈ চাপি আহিল আৰু সুধিলে,— “আইদেউ। এই দোকমোকালিতে এই অগাধ হাবিৰ দাঁতিত অকলৈ বহি বহি কি কৰিছা?”
ৰম্ভা।—মই ইচ্ছা কৰি ইয়াত বহা হি নাই। ঈশ্বৰ হে সকলোৰে গৰাকী।
হালোৱা।—আই! মই তোমাৰ কথাটো ভালকৈ তলকিব নোৱাৰিলোঁ; ভালকৈ ভাঙি-ছিঙি কোৱাঁচোন।
ৰম্ভা।—মোৰ দুখৰ কথা কৈ আপোনাৰ চকু-লো টোকাবৰ ইচ্ছা নাই
হালোৱা।— নহয় আই। নিজৰ দুখ-বেজাৰৰ কথা আনৰ আগত ক'লে দুখৰ বোজা অলপ পাতল হয়। কোৱাঁচোন, কি জানি ময়ো কিবা উপকাৰ কৰিব পাৰোঁৱেই।
ৰম্ভা।— বাৰু যদি আপুনি শুনিবৰ ইচ্ছা কৰিছে, তেন্তে শুনক। এই বুলি ৰম্ভাই নিজৰ বৃত্তান্ত বুঢ়াৰ আগত বৰ্ণাবলৈ ধৰিলে।—“মই এজনী দুখীয়া মানুহৰ ছোৱালী। ঘৰ ইয়াৰ পৰা বহুতো আঁতৰত। ঘৰত আইৰ বাহিৰে আপোন বুলিবলৈ আৰু কোনো নাই। মোৰ কেচুৱা অৱস্থাতে পিতাদেউ ঢুকাল। সন্তানহীন আইৰ মই একমাত্ৰ আদৰৰ ধন, —আলাসৰ লাড়ু, আছিলোঁ। তেওঁৰ যত্নতেই মই এনে অৱস্থা পালোঁহি। কিন্তু