পৃষ্ঠা:ফুল.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
ফুল ।

কুটিলা গতি!! এই বুলি কৈ তেওঁ বাহিৰ ওলাল। কনকে তেতিয়া চেতনা লাভ কৰিছিল; চকুমেলি চায়েই দেবেন্দ্ৰক দেখা পালে।

 পাঠক! সৈনিক দেবেন্দ্ৰৰ বাহিৰে আন কোনো নহয়।

 দেবেন্দ্ৰক দেখি কনকে কলেঃ—“বাপা বেগাই যোৱাঁ, এতিয়াই এটা মানে মোক ভুকু মাৰি পেলাই ৰম্ভাক আক্ৰমণ কৰিবলৈ গৈছিল। কি জানি কি—”

 দেবেন্দ্ৰ।—আপুনি ধৈৰ্য্য ধৰক। মান এতিয়া এই পুৰীত নাই; তাৰ পাপৰ যোগ্য পৰাচিত হৈছে। কিন্তু এটা কথাত মোৰ সন্দেহ হৈছে, ৰম্ভা কোন?

 কনক।—কিয়, তুমি জানো দেখা নাই।

 দেবেন্দ্ৰ।—ক’তা? মই এইমাত্ৰ আহি এইখিনি পাইছোঁ। গাওঁ সোমাওঁতেই কেউফালে “মান মান” চিঞৰ শুনিবলৈ পাই, কোবাকুবিকৈ আহি আপোনাৰ ঘৰ পালোঁ। আপোনাৰ গম নাপাই পোনেই চোতালতে ৰব খুজিছিলোঁ, এনেতে ভিতৰত গোলমাল শুনি, ভিতৰত মান সোমাইছে বুলি তৰোৱাল দাঙি খেদি গলোঁ। তেতিয়া মান এটাই ফুলক ধৰিবলৈ ধৰিছিল, মই কোব মাৰি তাৰ মূৰটো কাটি পেলালোঁ। তাৰ পাচত আপোনাৰ বাতৰি সুধিব খুজিছিলোঁ কিন্তু ফুলে এই দুদিনৰ ভিতৰতে মোক চিনিব নোৱৰা হ'ল।

 কনক।—বোপা! তোমাৰ ভ্ৰম হৈছে, তেওঁ ফুল নহয়। তুমি সুধিছিল নহয় ৰম্ভা কোন? তেৱেঁই ৰম্ভা, আন্ধাৰত তুমি হে চিনি নাপালা।