পৃষ্ঠা:ফুল.pdf/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৪
ফুল।

গ’ল আৰু চিঞৰি চিঞৰি ক'লে,—“নৰাধমহঁত। কাৰ আয়ুস চাপিছে? কোন দুৰাত্মাই অবলা ৰমণীৰ ওপৰত অত্যাচাৰ কৰি, নিজেই নিজৰ মহামাৰি চিন্তিছে? সাৱধান।”

 হঠাৎ কেইটামান মানুহ লৰ মৰাৰ দৰে শব্দ হল। তাৰ পাচত গোটেইখন নীৰৱ। পদ্মকান্তই বিচাৰি বিচাৰি কাকো ক’তো দেখা নাপালে। মুঠেই বাটৰ দাঁতিত এখন দোলা পৰি থকা দেখিলে। তেওঁ ঠিক কৰিলে যে সেই দোলাতে তুলি কোনোবা তিৰুতাক দস্য়ুহঁতে আনিছিল। কিন্তু এইটোহে আচৰিত কথা যে সিহঁত একেবাৰেই অন্তৰ্ধান হ’ল। পদ্মকান্তই বহুত বেলি বিচাৰি বিফল মনোৰথ হৈ ৰম্ভাক থৈ যোৱা ঠাইলৈ উভতি আহিল। কিন্তু সৰ্ব্বনাশ! ৰম্ভাও নাই!