পৃষ্ঠা:ফুল.pdf/১২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১৬
ফুল ।

হৈ গ'ল। মানটোৱে নিৰাপদ হবৰ মনেৰে দাখন দাঙি লৈ এটা পূৰ্ণহতীয়া কোব মাৰিলে। সেই মুহূৰ্ত্ততে লগুৱাৰ পঞ্চ ভূতৰ বিচ্ছেদ ঘটিল। বাহিৰত গোলমাল শুনি কনক আগবাঢ়ি আহিল আৰু মানটোক দেখি আগ ভেটি ধৰিলে। মানটোৱে একে ভুকুৱেই কনকক লুটিয়াই পেলালে। কনক গুৰি কঠাল পৰাদি গিৰিং কৰে পৰি মূছকঁছ গ'ল। মানটোৱে পিশাচৰ দৰে হো হো কৰে হাঁহি ভিতৰত সোমাই গ'ল। মাৰল সোমাই ৰম্ভাক দেখিয়েই তধা লাগিল; অলপমান বেলি একে থৰে চাই থাকি লাহে লাহে ওচৰ চাপি গ'ল। ৰম্ভালৈ চাই কলে —“তোৰ ঘৰত আৰু কোন আছে?”

 ৰম্ভা।—কেওঁ নাই ফায়া; তোমাক ভৰিত ধৰি মাতিছোঁ; তুমি যি লাগে তাকে লৈ গুচি যোৱাঁ।

 মানটোৱে আকৌ হো হো কৰে হাঁহি ক'লেঃ—“কলৈ গুচি যাম? তোক নিবলৈ নাপালে কেলেই যাম?” আৰু ৰম্ভাৰ নিচেই ওচৰ চাপিলগৈ।

 ৰম্ভাই খং আৰু ভয়ত অধীৰ হৈ ক'লেঃ — “পাষণ্ড! তোৰ যদি প্ৰাণলৈ মমতা আছে, যদি ধৰ্ম্মলৈ ভয় আছে, তেন্তে এতিয়াই ইয়াৰ পৰা আঁতৰ হ।”

 ৰম্ভাৰ কথা শুনি মানটো প্ৰথমতে থমকা খাই ৰ’ল; তাৰ পাচত ঘোৰাৰ দৰে ঢোক্‌ঢেকনি মাৰি হাঁহি ৰম্ভাক ধৰিবলৈ হাত মেলিলে। হঠাৎ সৰিয়হৰ তেলৰ চাকিৰ ক্ষীণালোকত