আজি ফুলগুৰি গাৱঁত ভাওনা। নিচেই ৰাতিপুৱাৰে পৰা সকলো ৰাইজ কামত ব্যস্ত। কোনোৱে নামঘৰৰ কাষৰ বন চিকুণাইছে, কোনোৱে চো ঘৰ সাজিছে, কোনোৱে ঠাই মচিছে, কোনোৱে টুপতে বহি মূখাত ৰহণ লগাইছে। দুজনমানে কল- পটুৱা কাটিছে, এটাই ওচৰত থকা হাবিৰ পৰা, ভোলাপাত আনিবলৈ গৈছে আৰু এটাই ঘৰে ঘৰে চাউল-পয়চা তুলি ফুৰিছে। কোনোৱে আকৌ নানা প্ৰকাৰ লেল-পেল নিছিগা বক্তৃতা জুৰি নানা জনক নানা কাৰ্য্যলৈ হুকুম দি, নিজৰ গা সৰুৱাইছে। ওচৰত থকা বকুল গছ জোপাৰ তলত কেইবাটাও লৰা-ছোৱালী গোট খাই উমলিব লাগিছে।
এইদৰে গাইপতি বেলেগ বেলেগ কাৰ্য্যত লাগি থাকোঁতেই বেলি প্ৰায় ডেৰ-পৰমান হ’লহি। সকলোৱে গা-পা ধুই নতুন সাজপাৰ পিন্ধি আহিবৰ নিমিত্তে ঘৰলৈ যাবলৈ ওলাল। এনেতে পাত আনিবলৈ যোৱা মানুহটো তৰা-না-ছিঙি লৰি ওলালহি আৰু পুলুং-পালাংকৈ কেউফাললৈ চাবলৈ ধৰিলে। তাৰ এনে ভাব-ভঙ্গি দেখি ৰাইজ-সকলে নানা প্ৰকাৰ প্ৰশ্ন সুধিবলৈ ধৰিলে।
প্ৰথম।—কি হ’ল অ’ মিনাৰাম?
২য়।— হেৰ' পাত ক'তা?
৩য়।—হেৰ, ইমানকৈ কঁপিছ কিয়
মিনা।—দাইনী—যখিনী—আও! কেনেকৈ খেদি আহিছে। এই বুলি মিনাৰামে কেউ ফাললৈ চাবলৈ ধৰিলে।