পৃষ্ঠা:ফুল.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ফুল।

বাহিৰেও মাৰল ঘৰৰ পৰা দক্ষিণ ফাললৈ কিছু আঁতৰত পূবা- পচিমাকৈ সজা এটা ডাঙৰ ঘৰ; পচিম মূৰে টুপ লগোৱা, পিৰালিবিলাক শিলেৰে বন্ধোৱা আৰু পূব মূৰে এটা ওখ বেদীৰ ওপৰত কিবা এটা মূৰ্ত্তি থাপনা কৰা। গতিকে, ঘৰটোৰ গঢ়-গতি দেখিয়েই তাক গোঁসাই-ঘৰ বুলি ঠাৱৰাব পাৰি। বাকীকেইটা ঘৰৰ বিষয়ে নকলেও ইব। কিয়নো, সেই কেইওটা ঘৰ সকলো অসমীয়াৰ আছে।

 ঘৰৰ পচিম ফালে নৈৰ কাষলৈ এখন ফুলনি; কিন্তু সি বৰ জাকজমক নহয়। গতিকে, পাঠকসকলে এই ফুলনিখনক ডাঙৰ ডাঙৰ ৰাজঘৰীয়া ফুলনিৰ লগত ৰিজাবলৈ নাযাব। গলেও নিশ্চয় ভুল হব। তাত শাৰী পাতি শৃঙ্খলা লগাই ৰোৱা বিবিধ ফুল-লতাৰ গছো নাই, মানুহ বহিবলৈকো একো আসন পাৰি থোৱা নাই। আছে মাথোন কেউফালে লেটেকু, পনীয়াল, আম, কঠাল প্ৰভৃতি গছ আৰু মাজ ডোখৰত গোলাপ, তগৰ, চেনিচম্পা, গুলচ, বকুল প্ৰভৃতি ঘৰুৱা ফুলৰ গছ। ফুল-গছৰ গাবোৰ এতিয়া নানা বৰণীয়া ফুলেৰে ৰমকজমক আৰু তাৰ পৰাই সুগন্ধ ওলাই কেউফাললৈ বিয়পি পৰিছে। ফুলনিৰ ঠিক মাজতে এজোপা নাহৰ গছ,—এতিয়া সুগন্ধি ফুল ধৰি, মানুহক নিজৰ জেউতি দেখুৱাই ভোল নিয়াইছে। গছডাল প্ৰায় চাৰি হাত মানলৈকে নাঙঠা,—ডাল পাত একো নাই। তাৰ ওপৰছোৱা সেউজীয়া পাতেৰে ছোৱা—ওপৰলৈ চিঁয়া হৈ মন্দিৰৰ চূড়াৰ দৰে শোভা ধৰিছে। ফুলনিৰ মাজেদি নৈলৈ যাবলৈ এটা বাট আছে।