পৃষ্ঠা:ফুল.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
ফুল।

 পাঠক সকলক বোধ কৰোঁ নকলেও হব যে এই দুটা মানুহ আমাৰ চিনাকি মদন আৰু মেহেঙা। মদন গোপালৰ ঘৰৰ পৰা অহাৰ পাচত সিহঁত দুয়ো ফুলৰ উদ্দেশ্যে যাত্ৰা কৰে আৰু দুজনক নাও লৈ আহিবলৈ কয়। তাৰ পাচত সিহঁত আহি কনকৰ ফুলনিত সোমাই গছৰ-ডালত বহি নাওলৈ অপেক্ষা কৰি থাকে। নৈৰ ঘাটত দেখা খন সিহঁতৰেই নাও। নাও অহাৰ পাচত ফুলক ধৰিবলৈ গৈ পাগলীৰ হাতত প্ৰাণ শোধোৱাটোৱেই মেহেঙা।

 মদনে ধৰাৰ পাচত ফুল দুবাৰমান চিঞৰি অচেতন হৈ পৰিল। মদনে তেওঁক বোকোচাকৈ লৈ আহি নাৱত তুলি দি লৰালৰিকৈ নাও মেলি দিলে। কাঁৰ যোৱা দি নাও ভটীয়াই যাবলৈ ধৰিলে।

⸺:০:⸺



একাদশ অধ্যায়।

⸺:০:⸺

“চোৰক মোৰে পালে।”

 মাজ নিশা হৈছে। সকলো মানুহে ভাত-পানী খাই, শুই নিঃপালি দিছে। জগত নিস্তব্ধ,—ক’তো মানুহৰ মাত এটিও শুনিবলৈ নাই। আন কি, এটি গছৰ পাতো লৰা নাই।