পৃষ্ঠা:ফুল.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
ফুল।

ৰাজ্যৰ সকলো প্ৰজা যদি একেলগ হওঁ, তেন্তে ক্ষুদ্ৰ মান কি বস্তু! বতাহত ধূলি উৰা দি উৰি যাব। “অল্পানামপি বস্তূনাং সংহতিঃ কাৰ্য্য়সাধিকা। তৃণৈৰ্গুণত্বমাপন্নৈৰ্বধ্য়ন্তে মত্তদন্তিনঃ।।” আৰু সেই দৰে যদি সকলোৱে মিলি কাম কৰিব নোৱাৰোঁ, তেনেহলেও এই ক্ষুদ্ৰ শক্তিৰেই এবাৰ চেষ্টা কৰি চোৱা নিতান্ত কৰ্ত্তব্য। কিয়নো, যদি সঁচাকৈয়ে ভাই বন্ধুৰ দুখ গুচাব নোৱাৰোঁ, সতীৰ সতীত্ব ৰাখিব নোৱাৰোঁ, জননীৰ—জন্মভূমিৰ দুৰ্গতি গুচাব নোৱাৰোঁ, তেন্তে এই নিষ্কৰ্মা দেহা থকাৰ পৰা লাভ কি? সেই কাৰণে, মাতৃ-সেৱাকে জীৱনৰ ব্ৰত কৰি, মাতৃভূমিৰ উদ্ধাৰাৰ্থে এই দেহা বলি দিবলৈ কেতিয়াও কুণ্ঠিত নহওঁ।

 কনক।—তোমাৰ উদ্দেশ্য, মহৎ। গতিকে, মই তোমাক হাক নিদিওঁ। আশীৰ্ব্বাদ কৰিছোঁ যেন পাষণ্ড মানক— মাতৃভূমিৰ শত্ৰুবিলাকক সিহঁতৰ যোগ্য শাস্তি দি, ভালে কালে উভতি আহিব পাৰা।

 দেবেন্দ্ৰ।—আপোনাৰ অতিথি-সৎকাৰৰ বাবে আপোনাৰ ওচৰত যিমান ধৰুৱা, এই আশীৰ্ব্বাদৰ বাবে তাতোকৈ বেছি ধৰুৱা থাকিলোঁ।

 এনে সময়তে কনকৰ লগুৱাটো আহি ওলাল। সি আগদিনা নৈৰ ঘাটৰ পৰা অহাৰ পাচতে মিতিৰ এঘৰলৈ গৈছিল। দেবেন্দ্ৰক দেখি মাত লগালে—“অ’, আপুনি কালি ইয়াতে থাকিল নে কি?"