হৃদয়ৰ একেটি আবেগ, একেটি ইচ্ছা, একেটি বাঞ্ছিত বস্তুৰ পাচ ধৰি অত দিন ঘূৰি পকি ভাগৰিলোঁ, দুখ যন্ত্ৰণাত হৃদয় জলা- কলা হ’ল; কিন্তু ক’তো অভীষ্ট পূৰ নহ'ল;—ইমান দুখ ইমান কষ্ট বিফল হ’ল। কাৰ নিমিত্তে এইদৰে অনাই-বনাই ফুৰিছোঁ? কাৰ নিমিত্তে এনেকৈ সুখ-শান্তিত জলাঞ্জলি দিছোঁ? অহো! যাৰ নিমিত্তে মোৰ এনে দশা, তেওঁ ক’ত? ৰম্ভা! ৰম্ভা! তোমাক আকৌ দেখা পাম নে? মোৰ যত্নৰ গুটি ধৰিব নে? ওঁ হোঁ আশা নাই, লাভলৈ চাওঁতে মূলেই হেৰাল। জীৱনৰ লগৰীয়া কৰিম বুলি আশা পালি থাকোঁতেই চকুৰে দেখাৰ পৰাও বঞ্চিত হলোঁ। হায়! ৰম্ভা! নৰ বাঘৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আনি, তোমাক বনৰ বাঘৰ মুখত দিলোঁ। নহলে আকৌ দেখা নাপালোঁ কিয়? হৰি! হৰি! পুৰুষ হৈ এজনী তিৰুতাক ৰাখিব নোৱাৰিলোঁ!!”
ঠিক সেই সময়তে ভৰলী-বুকত এখন নাও উজাই অহা পদ্ম- কান্তৰ চকুত পৰিল। পাঠক! যুবক পদ্মকান্তৰ বাহিৰে আন নহয়। পদ্মই নাওখন দেখিয়েই তাৰ আৰোহীবিলাকলৈ চকু দিলে আৰু প্ৰথম দৃষ্টিতেই চিনিলে যে সিহঁত মদন আদি ডকাইতৰ দল। সিহঁতে নানা প্ৰকাৰ ভঙ্গিৰে গীত গাই তাৰ ছেৱে ছেৱে ব’ঠা মাৰিব লাগিছে। সিহঁতৰ বলৰ ওচৰত ফেনে- ফোটোকাৰে উপচি পৰা, ঢৌৱে আফালি থকা, নৈয়েও হাৰ মানি উজাই যাবলৈ বাট এৰি দিছে। কিছুমান বেলি এই দৰে আহি থকাৰ পাচত নৈৰ সোঁতত উটি অহা এডাল প্ৰকাণ্ড কাঠে নাৱত