সমললৈ যাওক

পৃষ্ঠা:ফুল.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
ফুল।

সুধিলেঃ—“পাচে আপুনি নো মোক কলৈ নিব খুজিছে?”

 পদ্ম।— মোৰ ইচ্ছা তোমাক যেনে তেনে প্ৰকাৰে ঘৰত থৈ আহোঁ।

 ৰম্ভা।— আপুনি মোৰ ঘৰ কেনেকৈ চিনিব?

 পদ্ম।—তুমিতো চিনি পাবা।'

 ৰম্ভা।—মই কেনেকৈ চিনিম? গাভৰু ছোৱালীয়ে নিজৰ মজিয়া, ঢেকীশাল, শোৱাঠাই, আৰু মাজে সময়ে পানী আনিবলৈ যাওঁতে দেখা বাটৰ বাহিৰে আন ঠাই কেনেকৈ চিনিব? মোক কোন বাটে কলৈ আনিছিল, মোৰ ঘৰ বা কোন ফালে আছে মই তাৰ একোকে ক'ব নোৱাৰোঁ।

 পদ্ম।—তোমাৰ ঘৰ ভৰলীৰ ইপাৰে নে সিপাৰে?

 ৰম্ভা।—সিপাৰে। কিয়নো, মোৰ মনত আছে, সিহঁতে মোক আনোতে নৈ পাৰকৈ আনিছিল।

 পদ্ম।—যেনে তেনে মানুহক সুধি পুছি উলিয়াব লাগিব।

 এনেতে কেইটামান মানুহৰ পদশব্দ আৰু কথা-বতৰা শুনা গ'ল। তেওঁলোকে স্থিৰ কৰ্ণেৰে শুনিবলৈ ধৰিলে –ইকি! তাৰ লগে লগে কোনোবা বিপদীয়া তিৰুতাৰ কৰুণ ক্ৰন্দনধ্বনি আৰু কোনোবা মানুহৰ কঠোৰ কণ্ঠস্বৰ। পদ্মকান্তই বুজিলে দস্য়ুহঁতে যে দিনতে কোনোবা গাভৰুক ধৰি আনিবলৈ আলচ পাতিছিল, এতিয়া সেই ঘটনাই উপস্থিত। তেওঁ ৰম্ভাক “ইয়াতে এখন্তক ৰবা” বুলি কৈ, ঘৰৰ পৰা লৈ অহা দীঘল দাখন দাঙি লৈ, যি ফালৰ পৰা শব্দ আহিছিল সেই ফাললৈ খেদা মাৰি