পৃষ্ঠা:ফুল.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
ফুল ।


মাৰিবলৈ ধৰিলে। তেওঁ মাজে মাজে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “বন্ধু সকল! সকলোৱে জীৱনৰ মায়া পৰিত্যাগ কৰাঁ; জন্মভূমিৰ উদ্ধাৰৰ নিমিত্তে,—অমূল্য ৰত্ন স্বাধীনতা ৰক্ষাৰ নিমিত্তে, বাউসীৰ বল ক্ষয় কৰিবলৈ কেৱেঁ পাচ নুহুঁহকিবা। সকলোৱে একে উদ্যমেৰে সৈতে জীৱনৰ কৰ্ত্তব্য মাতৃসেৱা মহাব্ৰত পালন কৰাঁ।—আগ বাঢ়া; যুদ্ধ কৰাঁ , শত্ৰু নিপাত কৰাঁ।”

 যুৱকে ভীম পৰাক্ৰমেৰে প্ৰায় চাৰি দাঁড়মান বেলি যুঁজিলে। তাৰ পাচত তেওঁৰ শৰীৰ দুৰ্ব্বল হৈ আছিল,—বাউসীত বল নোহোৱাত পৰিল। তেওঁৰ সৈন্যবিলাকেও তেওঁক সাহায্য কৰিবলৈ কাষ চাপিব নোৱৰা হ’ল। সুযোগ পাই, অভিমন্যুক সপ্তৰথীয়ে বেৰি ধৰা দি, তেওঁক মানসৈন্যই কেউফালে বেৰি পেলালে। তেওঁ এই মান-চক্ৰবছৰ মাজৰ পৰা ওলাব নোৱাৰি অভিমন্যুৰ দৰে সম্মুখ সংগ্ৰামত মৃত্যুশয্যা গ্ৰহণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ল। কৰুণ সুৰেৰে ক'লেঃ—“বিদায়! বন্ধুসকল। বিদায়! স্বৰ্গদেৱৰ চৰণত দাসে এই শেষ প্ৰণাম জনালে। হে স্বৰ্গাদপি গৰীয়সী জননী জন্মভূমি! তোমাৰ, অযোগ্য পুত্ৰই আজি শেষ বিদায় গ্ৰহণ কৰিলে! জন্মভূমি! তোমাৰ নিমিত্তে মৰিবলৈ বেজাৰ নাই, কিন্তু তোমাৰ যে স্বাধীন কোলাত মৰিবলৈ নাপাওঁ, এই দুখ-জুয়ে মোৰ হিয়া জন্মে জন্মে পুৰি ছাই কৰিব! জন্মভূমি! জন্মভূমি! মোৰ চেনেহৰ জন্মভূমি বিদায়!” তাৰ পাচত জীৱনৰ মায়া এৰি নিৰাশাজনিত বীৰত্বেৰে সৈতে অসম সাহসেৰে যুঁজিবলৈ ধৰিলে। কিন্তু হায়! অসংখ্য মান