পৃষ্ঠা:ফুল.pdf/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৯
ফুল।

 মদনে “বাৰু সেইটো কব নালাগে, কিন্তু ৰম্ভাৰ বিষয়ে সকলো ভাৰ তোমাৰ ওপৰতে অৰ্পিলোঁ; কাম সিদ্ধি হ'লে, তোমাক উচিত পুৰস্কাৰ দিম” বুলি কৈ প্ৰস্থান কৰিলে।

 এই খিনিতে গোপাল বুঢ়াৰ বিষয়ে দুষাৰমান কথা কোৱা বোধ কৰোঁ বেয়া নহয়।

 যিটো বুঢ়াই ৰম্ভাক পথাৰত পাই আনিছিল, সেই বুঢ়াৰ নামেই গোপাল। গতিকে, ৰম্ভা এতিয়া সম্পূৰ্ণৰূপে বুঢ়াৰ শাসনৰ তলত। বুঢ়া এটা সামান্য হালোৱা মানুহ আছিল। পিচে মদনৰ লগ পাই তাৰ প্ৰধান সহায় হৈ উঠে। ক'ত কি পায়, ক’লৈ কেনি সুবিধাজনক বাট-পথ আছে, এইবোৰৰ দিহা- পোহা কৰি দিয়াটোৱেই বুঢ়াৰ কাম আৰু সেই বাবে মদনৰ পৰা মাজে সময়ে টকাটো মহাটো পাই থাকে। ৰম্ভাৰ বিষয়েও এই বুঢ়ায়েই সকলো ঠিক কৰি দিয়ে। সেই দেখিহে ৰম্ভাক পথাৰৰ মাজত দেখি আচৰিত হৈছিল।

 বুঢ়াৰ পৰিয়ালৰ ভিতৰত ঘৈণীয়েক আৰু এটা পুতেক। ঘৈণীয়েকৰ বিষয়ে কবলগা বেছি একো নাই। কিন্তু এইটো ক'ব লাগিব যে তেওঁ বৰ মৰমিয়াল মানুহ। পৰৰ দুখ দেখিলে তেওঁৰ চকুলো ওলায় আৰু পৰাপক্ষত গুচাবলৈকো পিচ নোহোঁহকে।

 পুতেকেৰ নাম পদ্মকান্ত। বয়স ত্ৰিচ বছৰ, এতিয়াও অবি বাহিত, দেহাৰ গঠন ধুনীয়া, স্বভাব-চৰিত্ৰ ভাল। বাপেকৰ চৰিত্ৰৰ লগত তেওঁৰ চৰিত্ৰ সমূলি নিমিলে। আন কি, সুবিধা