পৃষ্ঠা:ফুল.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ফুল।

বুলি সহায় কৰিবলৈ অস্বীকাৰ কৰিলে। বদনে নিৰুপায় হৈ কৃষ্ণৰ ভয়ত পলাই ফুৰা দণ্ডীৰজাৰ নিচিনাকৈ যাকে দেখে তাৰে ওচৰত সহায় ভিক্ষা কৰিবলৈ ধৰিলে। অসমৰ দুৰ্কপাল! সেই সময়ত কিবা কামত মানদেশৰ পৰা এজন বিষয়া কলিকতালৈ আহিছিল, বদনে তেওঁৰ ওচৰলৈ গৈ সকলো কথা ভাঙি ছিঙি ক'লে। সুভদ্ৰাই দণ্ডীৰজাক সহায় কৰিবলৈ প্ৰতিজ্ঞা কৰি ভীমৰ হাতত সোধাই দিয়াদি, এই বিষয়াজনেও ফুকনক সহায় কৰিবলৈ গাত লৈ, তেওঁক নি, মান ৰজাৰ আগত থিয় কৰিলে। বদনে অসমৰ দুৰৱস্থাৰ কথা তিলকে তাল কৰি মান-ৰজাৰ আগত বৰ্ণনা কৰিলে আৰু দেশত শান্তি স্থাপন কৰিবলৈ কিছুমান সৈন্য খুজিলে। দেশৰ দুৰৱস্থাৰ কথা শুনি মান-ৰজাই ছহেজাৰ সৈন্য বদনৰ লগত পঠিয়াই দিলে, কিন্তু অসমৰ দুৰ্ভাগ্যবশতঃ সেই সৈন্যদলে দেশত শান্তি স্থাপন কৰা দূৰত থাকোক, অশান্তিৰ সাগৰতহে জুবুৰিয়াই পেলালে। সিহঁতৰ অত্যাচাৰত বুঢ়া-ডেকা, লৰা-ছোৱালী, জীয়াৰী-বোৱাৰী—সকলোৰে থান-থিত হেৰুৱাই, মান-মৰ্য্যাদাত জলাঞ্জলি দি, পলাবলৈ ধৰিলে। লৰা-বুঢ়াৰ আৰ্ত্তনাদত, সতীৰ গগনভেদী চিঞৰত আকাশ বিদীৰ্ণ হবলৈ ধৰিলে। এবাৰ নহয়, দুবাৰ নহয়, সিহঁত তিনিবাৰ এই দেশলৈ আহে। কিন্তু তাৰ বিস্তাৰিত বিবৰণ দি পুথিৰ কলেৱৰ বঢ়োৱাৰ আৱশ্যক নাই, বুৰঞ্জী-পাঠকসকলে তাক ভালকৈ জানে। তৃতীয় বাৰৰ মানৰ আক্ৰমণত স্বৰ্গদেৱে খেদা খাই ব্ৰিটিছ ৰাজ্যত সোমাল গৈ। ইফালে মানহঁতে প্ৰজাৰ ওপৰত অবৰ্ণনীয়