সমললৈ যাওক

পৃষ্ঠা:ফুল.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
ফুল।

অৱস্থালৈ চাই চকুলো টুকি ক’বলৈ ধৰিলে, —হায়। দুৰাত্মাহঁতে সোণৰ অসম ছাৰখাৰ কৰিলে। মোৰ চেনেহৰ অসমীয়া প্ৰজাক সৰ্ব্বস্বান্ত কৰি বনলৈ খেদিলে। ইমান তো যে মোৰ এই প্ৰাণ ওলাই যোৱা নাই, ই সঁচাকৈয়ে আশ্চৰ্য্যৰ কথা! কুলাঙ্গাৰ বদনচন্দ্ৰ। তোৰ ভাল মহিমা! তয়েই এই সোণৰ অসম মাতৃক ভস্মত পৰিণত কৰালি! ভাই অসমীয়াক বনলৈ খেদিলি! সতীৰ সতীত্ব নাশ কৰালি!! মান! পাষণ্ড মান। নৰৰক্তপায়ী দুৰাত্মা মান! এই পৃথিবীত—ঈশ্বৰৰ স্ৰজনৰ ভিতৰত তহঁতৰ দৰে নীচ প্ৰকৃতিৰ পশু প্ৰবৃত্তিৰ মানুহ আৰু কতো নাই। স্বৰ্ণ-প্ৰসবিনী অসম জননীৰ সোভাগ্য লক্ষ্মীয়ে তহঁতৰ তাপত পলাই ফাঁট মাৰিলে। তথাপি তহঁতৰ হেপাহ নপলাল। উঃ, মোৰ প্ৰাণ কি কঠিন। স্বদেশ-স্বজাতিৰ এনে দুৰ্দ্দশা দেখিও কিয় মোৰ প্ৰাণ যোৱা নাই! কত বীৰ পুৰুষে স্বদেশৰ অৰ্থে, গো-ব্ৰাহ্মণৰ ৰক্ষাৰ অৰ্থে, প্ৰাণ এৰি নিজৰ দেহা পবিত্ৰ কৰিছে,—মৃত্যুকালতো সজ কামত দেহা এৰিছোঁ বুলি আনন্দ উপভোগ কৰিছে, মই কিয় তেওঁলোকৰ পথৰ পথিক হ’ব পৰা নাই।

 স্বৰ্গদেৱক শোকে খুন্দা মাৰি ধৰিলে।

 অলপ পাচত তেওঁ আকৌ ক’বলৈ ধৰিলে,—“সেনাসকল! যদিও আমাৰ দিন দুখতেই গৈছে, তথাপি আজিৰ নিচিনা দুখৰ দিন আমাৰ ভাগ্য়ত ইয়াৰ আগেয়ে ঘটা নাই। আজি আমাৰ কঁকাল ভাগিল। আকৌ যে কেতিয়াবা আমি মূৰ তুলিব পাৰিম