পৃষ্ঠা:ফুল.pdf/১৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২৩
ফুল।

হৈছিল। দেশৰ এনেকুৱা অৱস্থাত কনকে ফুলক বিচাৰি উলিয়াব পাৰিব বুলি বলোৰামে এখন্তকলৈকো ভবা নাছিল, আৰু সেই কাৰণেই ফুলক পিতাকৰ লগলৈ পঠিয়াবলৈ তেওঁৰ সমূলি ইচ্ছা নাছিল।

 বলোৰামৰ তেনে অনিচ্ছাৰ আৰু এটা কাৰণ আছিল। বলোৰামৰ ঘৰৰ ওচৰতে বগীৰাম নামেৰে এটা মানুহ আছিল। তাৰ লগত বলোৰামৰ কিবা এটা সম্বন্ধও আছিল। ফুলক দেখিবৰে পৰা সি কিবা এটা গুপুত বাসনাৰ বহ্নিত চেঁচা-পোৰা হৈছিল, আৰু ফুলক লাভ কৰিবৰ নিমিত্তে বলোৰামৰ ওচৰ চাপিছিল। বলোৰাম প্ৰথমতে অসম্মত হৈছিল, কিন্তু ধনৰ লোভত পৰি শেহত সম্মতি দিলে। সেই দেখিয়েই তেওঁ ফুলক পঠিয়াবলৈ অলপো যত্ন নকৰিলে, বৰং এমাহৰ ভিতৰত তেওঁক বিচাৰি কোনো নাহিলে বগীৰামৰ লগত তেওঁৰ বিয়া দিবলৈ মনতে স্থিৰ কৰি থঁলে।

 লাহে লাহে মাহৰ অন্ত পৰিল, কিন্তু ফুলৰ খবৰ লওঁতা কোনো নোলাল। বগীৰমে বলোৰামক বৰকৈ পীড়াপীড়ি কৰিবলৈ ধৰিলে, অগত্যা বলোৰাম তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ মান্তি হ’ল। কিন্তু টেকেলি দিয়াৰ আগলৈকে ফুলে ঘুণাক্ষৰেও এই ভীষণ সংবাদ পোৱা নাছিল।

 টেকেলি দিবৰ দিনা এই আকস্মিক বাতৰি ফুলৰ কাণত যাঠিৰ খোঁচ পৰা দি পৰিল, তেওঁ ততালিকে মূৰ্চ্ছা গ’ল।