পৃষ্ঠা:ফুল.pdf/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চতুৰ্দ্দশ অধ্যায়।

⸻:০:⸻

ভূতৰ ওপৰত দানহ।

 বেলি উঠাৰ পৰা প্ৰায় এপৰ মান সময় অতীত হৈছে। বেলিৰ ৰশ্মিয়ে পৃথিবীৰ ওপৰ ছোৱা সোণালী সাজেৰে সজাইছে। নীলবৰণীয়া নিৰ্ম্মল আকাশমণ্ডল এটি বৃত্তৰ দৰে তললৈ নামি আহি, পৃথিবীৰ শস্যশ্যামলা ক্ষেত্ৰক চুমা খাইছে। প্ৰকৃতিৰ দৃশ্য বৰ সুন্দৰ—অতি মনোহৰ,—দেখিলে চকু ঘূৰোৱাই টান। সাপে কলপ সালোৱাদি, পকা পাত-পুত সলাই কুমলীয়া কুঁহি পাতেৰে সুশোভিত হোৱা গছ-বিলাক সেই সৌন্দয্যত দুগুণে জিলিকি উঠিছে। দেখিলেই বোধ হয় যেন বিবিধ অলঙ্কাৰেৰেসুসজ্জিতা নবপৰিণীতা গাভৰুৱে নতুন স্বামীক অভ্যৰ্থনা কৰা দি, প্ৰকৃতি দেবীয়েও নতুন সাজেৰে নতুন ঋতুৰাজক অভ্যৰ্থনা কৰিছে। পাতৰ মাজত ৰঙা, বগা, কলা, হালধীয়া, সেউজীয়া—বিবিধ ৰহণৰ ফুলবিলাকে মিচিকিয়াই হাঁহিছে। সেই হাঁহিৰ চোকা আকৰ্ষণে মলতীয়া ভোমোৰাক ওচৰলৈ টানি আনিছে। ভোমোৰাই ফুলৰ চাৰিও ফালে উৰি উৰি, ঘূৰি ঘূৰি, ধুনীয়া মুখৰ ওপৰত চুমাৰ উপৰি চুমা দি, প্ৰণয়-সঙ্গীত গাইছেঃ—“গুণ্‌, গুণ্‌, গুণ্‌, মোৰ মইনা নে কোন?” কিন্তু ভোমোৰা সাধাৰণ জীৱ নহয়। সি বৰ