পৃষ্ঠা:ফুল.pdf/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
ফুল।

পৰিল আৰু চকু চাওঁতেই আক্ৰমণকাৰীটোৰ মূৰ দেহাৰ পৰা বিচ্ছেদ কৰিলে; বপুৰা গুৰি কঠাল পৰাদি সেই ঠাইতে গিৰিংকৰে বাগৰি পৰিল। সেই মুহূৰ্ত্ততে আন এটাই ঘোৰাটোলৈ টোঁৱাই আকৌ এপাট যাঠি মাৰিলে। দেবেন্দ্ৰ- নাথৰ দৰে এজন বুদ্ধিমান আৰোহী নোহোৱা হ'লে, তেতিয়াই ঘোৰাৰ পতন হ'লহেঁতেন। কিন্তু তেওঁ তৎক্ষণাৎ উপস্থিত বুদ্ধিৰ সহায় লৈ, ঘোৰাৰ লেকামত বল দিলে, ঘোৰা জাঁপ মাৰি উঠিল, যাঠি ঠেঙৰ তলে সৰকি গ'ল। এনেতে তৃতীয়টোৱে তেওঁৰ বুকুলৈ পোনাই আৰু এপাট যাঠি মাৰিলে। দেবেন্দ্ৰই যাঠি ডাল ওপৰতে ঢোপ ধৰা দি ধৰিলে আৰু সেই যাঠিকে এটা সেনালৈ পোনাই মাৰি পঠিয়ালে। তৎক্ষণাৎ মান সেনাৰ পতন হ'ল আৰু প্ৰথমটো শৰ লগত শাৰী পূৰ কৰিলে। লগৰ দুটাৰ দশা দেখি, ইটোৱে তৰা-নৰা ছিঙি লৰিবলৈ ধৰিলে, দেবেন্দ্ৰয়ো পাচে পাচে খেদিবলৈ ধৰিলে। মানুহৰ বেগতকৈ ঘোৰাৰ বেগ বেছি হোৱাৰ কাৰণে, অলপ পাচতে তেওঁ মানসেনাৰ ওচৰ চাপিল; কিন্তু তৰোৱাল দাঙোতেই মানসেনা অদৃশ্য হ’ল। ক'লৈ গল, কি হ’ল তেওঁ তাৰ একো ততকে ধৰিব নোৱাৰিলে। তেওঁ বহুতো ভাবি চিন্তি কেউফালে অনুসন্ধান কৰি চালে, কিন্তু ক’তো মান সেনাৰ চিনো নোলাল। বিচাৰি বিচাৰি, বিফল মনোৰথ হৈ সৱাশেহত তেওঁ উভতি বাট ললে। হঠাৎ দহোটামান মানুহ তেওঁৰ চকুত পৰিল। প্ৰথম দৰ্শনত সিহঁতক তেওঁ মানসেনা বুলি জানিছিল, কিন্তু অলপ পাচতে