পৃষ্ঠা:ফুল.pdf/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৭
ফুল।

তাৰপৰা ৰম্ভাৰ পলায়নৰ কথা আগতকৈ একো বেছি জনা নগ'ল।

 সকলোৱে মিলি চাৰিওফালে বিচাৰিবলৈ ধৰিলে। হাবি, বন, খাৱৈ, জোপোহা, এৰাঘৰ, এৰাখাল—পিতপিতকৈ বিচাৰিলে, কিন্তু কতো ৰম্ভাৰ শুংসূত্ৰও নোলাল। তেতিয়া মদন সিহঁতৰ ঘাই মন্ত্ৰণাদাতা গোপাল বুঢ়াৰ ঘৰলৈ গ'ল।

 মদন যেতিয়া গোপালৰ ঘৰ পালে গৈ তেতিয়া বুঢ়া পাটীত পৰি শুই আছিল, মদন তালৈকে সোমাই গ'ল আৰু বুঢ়াই উস্ আস্ কৈ থকা দেখি সুধিলেঃ—“কিহে! দেখোন বেয়াকৈ দীঘল দিছা? কি হ'ল নো আকৌ?”

 বুঢ়া।—এ’ নকবা দেও, আজি পথাৰৰ পৰা ঘূৰি আহোঁতেই মঘা এডাল সোমাই ভৰিটো তেনেই দুছিটা কৰিলে। বিষত তৰণিকে পোৱা নাই।

 মদন।—এৰা, বোলে “দৰিদ্ৰ লঙ্কালৈ যায়, হুলে ফুটে, বৰলে খায়!”

 বুঢ়া।—পাচে, সকাম কি?

 মদন।—কি নো ক’ম! কালি ৰাতি আমি কলৈকো যাবলৈ নহ'ল, দুখে- ভাগৰে আহি শুই থাকিলোঁ। হলিক পঠিয়াই দিলোঁ। ৰম্ভাক কিবাকিবি অলপমান দি আহিবলৈ। পাচে, সি হেনো দুৱাৰ মেলি ভিতৰ সোমাওঁতেই উজুটি খাই পৰিল আৰু ভিতৰত পৰি থকা জেওৰা এচটাত পৰি হাতটোও কাটিলে। সি বিষত অচেতন হৈ পৰি থাকোঁতেই দুৱাৰ-ঘৰ মাৰি ৰম্ভা