পৃষ্ঠা:ফুল.pdf/১০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৫
ফুল।

যি যুদ্ধ ক্ষেত্ৰত ফুৰিছে বা এনে ৰণৰ অংশ গ্ৰহণ কৰিব লগাত পৰিছে, তেওঁলোকে মনে মনে অনুভৱ কৰিলে মাথোন বুজিব পাৰিব। স্বৰ্গদেৱে হাতত তৰোৱাল লৈ কুমাৰৰ চাকৰ দৰে ঘূৰাই মানসেন৷ দংশিবলৈ ধৰিলে। তাকে দেখি সকলো অসমীয়া সৈন্যৰ শিৰে শিৰে বীৰ-তেজ উতলি উঠিল। স্বৰ্গদেৱৰ আৰ্হি লৈ সকলোৱে প্ৰাণপণে যুঁজিবলৈ লাগিল! খোজৰ ভৰত আৰু দুপদুপনিত ৰণক্ষেত্ৰত ভুইকঁপ হোৱা যেন লাগিবলৈ ধৰিলে। মানহঁতে বুজিলে যে আজি অসমীয়াৰ আগত নিজৰ বীৰত্ব দেখুওৱা সহজ কথা নহয়। মান নাম আজি অসমীয়াৰ কাণত ভয় লগা কথা নহয়। মানসেনা হুঁহকিবলৈ ধৰিলে। ঘৃতাহুতি পোৱা হুতাশনে অভ্ৰংলেহী জিভা মেলি দশোদিশ ভস্ম কৰা দি, স্বৰ্গদেৱৰ সৈন্যই মানসেনাক খেদি খেদি মাৰিবলৈ ধৰিলে। মানহঁতেও বিপক্ষৰ গতিৰোধ কৰিবৰ নিমিত্তে প্ৰাণপণে চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু আজি অসমীয়াৰ ভীম পৰাক্ৰমৰ আগত সিহঁতৰ বল-বীৰ্য্য়-পৰাক্ৰম লুইতত জাঁজি উটি যোৱাদি যাবলৈ ধৰিলে। মান সৈন্য হুঁহকিবলৈ লাগিল। পাচৰ মুহূৰ্ত্ততে “আজি প্ৰাণ এৰিম, তেওঁ অসমীয়াৰ ওচৰত পৰাজয় স্বীকাৰ নকৰোঁ” বুলি মানহঁতে নেগুৰত গচকা সাপৰ দৰে ফেঁট তুলি উঠিল; কিন্তু অসমীয়া সৈন্যৰ আগত বেছি পৰ ঠাৱৰিব নোৱাৰিলে। ক্ৰমান্বয়ে পাচ হোঁহোকা দিবলৈ লাগিল। সকলোৱে জানিলে আজি অসমৰ মাৰ যোৱা গৌৰৱ বেলিয়ে পূবাকাশত ওলাই ৰাঙলী কিৰণ বৰ্ষি জগতক মুহিব পাৰিব।