পৃষ্ঠা:ফুল.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুল।

অশ্বাৰোহী দ্ৰুতবেগে আহি ভৰলী নৈৰ দাঁতিত উপস্থিত হ'ল। তেওঁৰ বয়স অনুমান পঁচিছ বছৰ, বৰণ একেবাৰেই বগলীপাখি যেন নহলেও বগা বুলিব পাৰি। ডাঢ়ি গোঁফ অলপ অলপ ঠুঁটিয়াইছে। মানুহজন বৰ শকত-আৱত; হিয়াচৰিখন প্ৰায় এহাতমান বহল চকু দুটা অলপ ডাঙৰ কিন্তু টেলেকা নহয়; মুখৰ গঢ় কাৰ্ত্তিকৰ নিচিনা নহলেও সুন্দৰ আৰু লনি। মূৰৰ চুলিবোৰ দীঘল আৰু পাচ ফালে গলধন ছোৱাকৈ খোপা বন্ধা। তাৰ ওপৰত এখন ধুনীয়া চেলেঙেৰে ধুনীয়াকৈ মৰা পাগ। হাতত এখন তৰোৱাল আৰু কঁকালত এখন টঙালি বন্ধা। অন্যান্য সাজো ওখ খাপৰ। মানুহজনলৈ ভালকৈ চকু দিলে তেওঁক এজন ডাঙৰ বিষয়া আৰু ৰণুৱা বুলি জানি। তেওঁ বোধ কৰোঁ বহুত দূৰৰ পৰা আহিছে। কিয়নো, তেওঁৰ গোটেই গা—পিন্ধা কাপোৰ-কানি ঘামেৰে তিতি পৰিছে; গোটেই মুখমণ্ডল পকা থেকেৰা যেন হৈ পৰিছে। তেওঁ বৰ ক্লান্ত হৈ ঘোৰাৰ পৰা নামি. ঘোৰাটো এজোপা গছৰ ছাঁত বান্ধিলে আৰু লাহে লাহে পানীলৈ নামি গ'ল। ভৰলীৰ সুশীতল পানীৰে হাত মুখ ধুলে,—আঁজলিচেৰেক খাই ঢক মাৰিলে। ওচৰতে এটা শিল আছিল, তাতে বহি নৈৰ শোভা চাবলৈ ধৰিলে। —নৈখনে কুল্ কুল্ সুৰেৰে সৃষ্টিকৰ্ত্তাৰ অনন্ত মহিমা ঘোষণা কৰি, কিবা এটা উদ্দেশ্যত ক'ৰবালৈ অবিৰাম গতিৰে বৈ গৈছে। দুই দাঁতিয়ে থকা গছবিলাকে নিজৰ শাখা-প্ৰশাখা বিস্তাৰ কৰি জল-কুঁৱৰীক আকোঁৱালি ধৰিবলৈ