পৃষ্ঠা:ফুল.pdf/১৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২৬
ফুল।

পুৰোহিত উঠি লৰ মাৰিলে, আন কি দৰাও উঠি কোন ফালে পলাল, তাৰ ঠিক নাই। তিৰুতাবিলাকো যেনি পায় তেনি পলাবলৈ ধৰিলে। সকলো নিজ নিজ প্ৰাণৰক্ষাৰ নিমিত্তে ব্যস্ত হ'ল। এই হুৰামুৰিৰ সময়ত ফুলো পাচ দুৱাৰে দি ওলাই লৰ মাৰিলে।

⸻⸻

উনবিংশ অধ্যায়।

⸻:০:⸻

জালত পহু।

 ৰাতি ডেৰ পৰ অতীত হৈছে। আন্ধাৰৰ ক'লা ঢাকনীয়ে ধৰণীক কৃষ্ণবসনা সজাইছে। আকাশত দুচপৰা এচপৰা ক’লা ডাৱৰ, সেয়ে লাহে লাহে বহল হৈ আহিবলৈ ধৰিলে। অলপ অলপকৈ বতাহ বলি শেহত শকত হৈ উঠিল, ঘনে ঘনে বিজুলীয়ে চকমকাবলৈ ধৰিলে। এনে দুৰ্য্য়োগৰ সময়ত এজনা গাভৰু নৈৰ ফাললৈ লৰি গৈছিল। বিজুলীৰ পোহৰত যি দেখা গৈছিল, তাৰ পৰাই তেওঁক সুন্দৰী বুলিবৰ মন যায়, কিন্তু তেওঁৰ মুখখন শেঁতা, চকুৰ দৃষ্টি কৰুণ; দেখিলেই বোধ হয়, যেন তেওঁৰ অন্তৰত কিবা এটা বলে নোৱৰা দুখ-চিন্তাৰ বোজাই হেঁচা দিছে। তেওঁ নৈৰ পাৰত ৰৈ এটা দীঘল হুমুনিয়াহ কাঢ়িলে। হঠাৎ