দেবেন্দ্ৰ।—কাৰণ আছে, পুৱাতে যাব খুজিছিলো; পাচে, তোমাৰ দেউতাৰাই হে বেলি কৰাইছে।
ফল।—আজি নগ'লে নহ’ব জানো?
দেবেন্দ্ৰই মনে মনে ভাবিলে,—“ইয়াৰ মানে কি? আজি নগলে নহব জানো সোধাৰ মানে কি?” ফুটাই ক'লে—“নহয়। আৰু মিছাতে তোমালোকক আমনি কৰিবও নোখোজোঁ।”
ফুল।—আপুনি নো আমাক কি আমনি কৰিছে? মোৰ মনেৰে আহুকাল কৰাতকৈ আপোনাৰ শুভাগমনে আমাৰ আনন্দ হে বঢ়াইছে।
দেবেন্দ্ৰ।—সেইটো মুখৰহে কথা।
ফুলে কোনো উত্তৰ নিদিলে; ওঁঠ দুটা কঁপি উঠিল, চকু ঢুল–ঢুলীয়া হ’ল; শৰীৰো অবসন্ন হৈ আহিল। দেবেন্দ্ৰই দেখিলে ফুলে তেওঁৰ কথাত বৰকৈ বেজাৰ পালে। তেওঁ ক'লেঃ –“ফুল, ক্ষমা কৰিবা, সঁচাকৈয়ে মই ধেমালিহে কৰিছোঁ, বেজাৰ নকৰিবা। ”
ফুল অলপ স্থিৰ হৈ দেবেন্দ্ৰলৈ চালে; কিন্তু মুখেৰে একো নক'লে। দেবেন্দ্ৰই কলেঃ—“ফুল, মোৰ এটা কথা আছে।”
ফুল।— কি?
দেবেন্দ্ৰ।—কালিৰ ঘটনা তোমাৰ মনত থাকিব নে?
ফুল।—তাক মই এই জীৱনত পাহৰিব নোৱাৰোঁ।