ধুনীয়াকৈ খোপা বান্ধি থয়, কিন্তু এতিয়া আউল-বাউলহৈ
কলাফুললৈকে ওলমি পৰি আছে। পুৱাৰ মলয়াৰ বা লাগি,
পানীত ঢৌ উঠা দি, তাৰ পৰাও একৰকম মনোহৰ তৰঙ্গ-লহৰী
উঠি বগা দেহৰ সৌন্দৰ্য্যৰ চতুৰ্গুণে জেউতি চৰাইছে। তেওঁৰ
পৰিধেয় বস্ত্ৰ পাটৰ ৰিহা মেখেলা। ডিঙিত এধাৰ মণি আৰু
কাণৰ গলিত এজোৰ কঁৰীয়াই তেওঁৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে।
হাত দুটি মোলানৰ নিচিনা ঘূৰণীয়া আৰু এজোৰ ৰূপৰ ডাল
খাৰু পিন্ধা। আঙুলীবিলাক আগফাললৈ সৰু, কেবাটাও সোণ-
ৰূপৰ আঙুঠিৰ সৌন্দৰ্য্যৰে সুশোভিত। মুঠতে তেওঁৰ প্ৰত্যেক
অঙ্গপ্ৰত্যঙ্গই সুন্দৰ আৰু লনি। তেওঁৰ শৰীৰৰ প্ৰত্যেক ভাগতে
স্বৰ্গীয় আভাই লীলা কৰিব লাগিছে, এনে এজনী গাভৰুৰ
ওপৰত অত্যাচাৰ কৰিবলৈ এটা ছালবাকলি-নোহোৱা আদ-
নাঙঠা মানুহ আগ বঢ়া দেখি, পদ্মকাস্ত পোনেই তধা লাগিল।
কিন্তু ততালিকে “নিৰাশ্ৰয়া অবলাৰ ওপৰত অত্যাচাৰ কৰাৰ
যোগ্ৰ প্ৰতিফল গ্ৰহণ কৰ” বুলি দাখন দাঙি খেদা মাৰি গ'ল।
মানুহটোৱে উচাপ খাই উঠি পাচলৈ নোচোৱাকৈ তৰা-নৰা ছিঙি
লৰ দিলে। পদ্মকান্তই মানুহটোৰ পাচ নলৈ গাভৰুৰ ওচৰলৈ
চাপি গ'ল আৰু মাতিলে,—“ৰম্ভা?”
গাভৰু নিমাত, নিতাল, অবাক, চকুৰ দৃষ্টি স্থিৰ।
পদ্ম।—ৰম্ভা! ৰম্ভা! নামাতা কিয়?
গাভৰু।—মোৰ নাম ৰম্ভা নহয়।
পদ্মই ৰম্ভাক দিনৰ ভিতৰত ভালকৈ দেখা নাছিল। ৰাতি