পৃষ্ঠা:ফুল.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
ফুল।

 “হায়। এই অসাৰ সংসাৰত অসাৰ মনুষ্য-জীৱন ধৰি টেটুত অসাৰ মায়াডোল লগাই, অসাৰ সুখৰ আশাত ওলোম-ধোলোম হৈ কতনাই নিজ কুল-মান পৰিত্যাগ কৰিছে, কতই কত মহাপাপ আচৰিছে! কিন্তু কাৰো বুজিবৰ সাধ্য হোৱা নাই, কি মহাভুলত পৰিছে! এই মহাভুলত পৰাৰ কাৰণেই সংসাৰ বিবিধ জাতীয় ঘৃণিত প্ৰাণীৰ লীলাস্থলী হৈ উঠিছে। হায়! যদি মানুহে নিজৰ এই ভুল বুজিব পাৰিলেহেঁতেন। যদি এই ভুল বুজি সংশোধন কৰিলেহেঁতেন তেনেহলে এই পৃথিবীত কেনে শাস্তিয়ে বিৰাজ কৰিলেহেঁতেন। নিষ্ঠুৰতা, কপটা, প্ৰবঞ্চনা ঘৃণা, ভয় আদিৰ ৰঙ্গ-ভূমিত কি শোভাৰে সৈতে দয়া, ক্ষমা শান্তি, সুখ প্ৰভৃতিয়ে দেখা দিলেহেঁতেন! কিন্তু মোহান্ধ মানৱ, বুজিও নুবুজে, দেখিও নেদেখে। বাস্তৱতে, চকু থাকি খালত পৰা মানৱজাতিৰ দোষতেই হে এই সংসাৰ মৰুভূমিত পৰিণত হৈছে।

 “ফুল ফুলিছে, তাৰ গোন্ধ চৌদিশ আমোলমোল কৰিছে। সেই গোন্ধত বলিয়া হৈ কলীয়া ভোমোৰাই গুন্ গুন্ গীত গাই মৌ চুহিছে। তাত উভয়ৰে সুখ—ফুলৰো সুখ ভোমোৰাৰো সন্তোষ! ই এটা স্বাভাবিক ধৰ্ম্ম। কিন্ত এজনৰ বুকৰপৰা এটি বস্তু কাঢ়ি লৈ গৈ দুখৰ পুখুৰীত জুবুৰিয়াই পেলোৱা মানুহৰ কেনে ধৰ্ম্ম? ইয়াত অপহৃত আৰু অপহাৰকৰ বাসনাৰ গতি সম্পূৰ্ণ বিপৰীত। তেনেহলত মনুষ্য-জীৱন কোন্ গুণত শ্ৰেষ্ঠ?

 “এই সংসাৰত মই এটা কি বস্তু? অপাৰ সমুদ্ৰৰ অপাৰ জলৰাশিৰ মাজত মই এটা ক্ষুদ্ৰ কণিকা! মোৰ অস্তিত্বই বা কি!