পৃষ্ঠা:ফুল.pdf/১০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪
ফুল।

শিৰে শিৰে বীৰ-তেজ নাচিবলৈ ধৰিলে। মানৰ লগ পাবৰ ইচ্ছা সকলোৰে অন্তৰত বলৱতী হৈ উঠিল। ৰক্ত-পিপাসু বাঘৰ দৰে উন্মত্ত স্বৰ্গদেৱৰ সৈন্যই মানৰ আগমনলৈ অপেক্ষা কৰি ম’হগৰতে সাজু হৈ ৰ'ল। আন ফালে মানসৈন্যও আগ বাঢ়ি আহিল। ধেনু-কাঁৰ, জাঠি-জোং, বন্দুক-বাৰুদ আদিৰে সৈতে মূৰত পাগুৰি মৰা অসংখ্য মানসেনা অসমীয়া সৈন্যৰ দৃষ্টিগোচৰ হ’ল। লাহে লাহে দুয়ো পক্ষৰ অস্ত্ৰ-শস্ত্ৰ চলিবলৈ ধৰিলে। দেখোঁতে দেখোঁতে ম’হগৰত ঘোৰ নৰমেধ যজ্ঞ আৰম্ভ হ'ল। স্বৰ্গদেৱে আগবাঢ়ি ক’বলৈ ধৰিলে –“গোবধী, নৰবধী, পাষণ্ড মান-পশু! সাৱধান। আজি তহঁতৰ অন্তিম কাল উপস্থিত। শেষ সময়ত ইষ্ট গুৰুক সুৱঁৰি ল।” সকলো সৈন্যই গৰ্জ্জি উঠিল , সেই গৰজনি বাৰিষাৰ মেঘৰ ঢেৰেকণিৰ দৰে কেউফালে বিয়পি পৰিল। মানসেনাৰ কাণ তাল মাৰিলে। গোটেই ৰণক্ষেত্ৰ জুৰি ভীষণ সমৰাগ্নি জ্বলি উঠিল। ঘনে ঘনে উভয় পক্ষৰ জয়-ধ্বনি আহি বিপক্ষৰ কাণত বাজিবলৈ ধৰিলে। ৰণক্ষেত্ৰ অস্ত্ৰ-শস্ত্ৰেৰে পৰিপূৰ্ণ হ'ল, ঘনে ঘনে আহত সৈন্যৰ গগনভেদী চিঞৰে আকাশ-পাতাল তাল লগাবলৈ ধৰিলে। ৰণক্ষেত্ৰ তেজেৰে প্লাবিত হৈ পৰিল। বহুত দিনীয়া অপমানৰ প্ৰতিশোধ দিবৰ মনেৰে অসমীয়া সৈন্যই দুৰ্দ্দমনীয় সাহেৰে যুঁজিবলৈ ধৰিলে। পৰাস্ত হোৱৰ ভয়ত মানহঁতেও মৰণত শৰণ দি লাগিল। দৰাচলতে, সেই সময়ত যেনে যুদ্ধ হ’ল তাক কাকত-কলমৰ সহায়েৰে বৰ্ণাব' নোৱাৰি।