অৱসৰতে গুৰি পৰুৱাৰ লালীৰ দৰে আৰু কেইটামান মানুহ পিৰ-পিৰ কৰে ওলাই আহি জুম বান্ধিলে। ধোঁৱাখোৱাটো থৈ মদনে ক'লে—আমি সকলোটি বৰলা-ডঙুৱা মানুহ, আমি মৰিলে আমাৰ সম্পত্তি কোনে খাব? সেই দেখি, মোৰ মতে, লাহে লাহে আমাৰ সকলোৰে ঘৰ পাতিবলৈ যত্ন কৰিব লাগে। হওঁতে মোৰ এক প্ৰকাৰ হলেই, কালিলৈ খতি হলেই হব। তাৰ পাচত তোমালোকৰ নিমিত্তে চাব লাগিব।”
সকলোৱে তাতে হয় দিলে।
দলৰ ভিতৰত জনদিয়েক কানীয়া ভকতো আছিল। সিহঁতে টিকিৰা পুৰিবলৈ ধৰিলে। বাকীবিলাক ঘৰৰ আগত থকা এডোখৰ মুকলি ঠাইত জুৰ লবলৈ বহিল।
এতিয়া বহাগ মাহ প্ৰায় শেষ হওঁ হওঁ হৈছে। বতাহ
অকণো নাই; আন কি, গছৰ পাত এটায়ো ইফাল-সিফাল কৰা
নাই। ওচৰত থকা শিমলু গছ কেজোপাই একো একো জন
মুনিৰ নিচিনাকৈ বহি যেন কাৰবাক ধ্যানহে কৰিছে। জগত
নীৰৱ—আকাশ নিস্তব্ধ। মাথোন জিলীবিলাকে কাণ-কলা
হোৱা কেৰ্ক্কেৰীয়া সুৰেৰে সেই নিস্তব্ধতাত ব্যাঘাত জন্মাইছে
আৰু মাজে মাজে কানীয়া ভকতসকলৰ হোকাৰ কোৰ্ক্কোৰণি
আৰু গুৰৰ চেলেকাৰ ৰং-চং-খুউৱা লানি নিছিগা টিকিৰা পৰ্ব্ব
মহাভাৰতৰ সপ্তম সুৰ চকুৱে নেদেখা বায়ু দেৱতাৰ পিঠিত
বোকোচা উঠি আহি সেই সুৰৰ লগত মিহলি হৈ অপূৰ্ব্ব সঙ্গীত