পৃষ্ঠা:ফুল.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
ফুল।

ইয়াতকৈ ভাল উপায় নাই?” তেতিয়া কেউফালে মানুহ-দুনুহৰ গম লৈ তাক কাটি পেলালোঁ আৰু তাৰ সাজটো সোলোকাই লৈ মোৰ সাজৰ ওপৰতে পিন্ধিলোঁ। প্ৰহৰীৰ সাজটো পিন্ধি ময়ে এটা মান হৈ পৰিলোঁ আৰু সেই সাজৰ সাহায্যতে মানহঁতৰ চকুত ধূলি দি, মই সেই ঘৰৰ পৰা বাহিৰ ওলালোঁ; কোনেও বুজিব নোৱাৰিলে যে মই সিহঁতৰ বন্দী। মই সেই দিনা গোটেই ৰাতিটো আহি এখন গাওঁ পালোঁ। মানৰ বন্দীশালত মোৰ শৰীৰ একেবাৰেই অৱশ হৈ পৰিছিল, এতিয়া এই পথ-শ্ৰমত সি দুগুণ হৈ উঠিল। মই জ্বৰত পৰিলোঁ। নিৰুপায় হৈ সেই গাৱঁৰে এজন ভাল মানুহৰ ঘৰত আশ্ৰয় বিচাবি গলোঁ। মানুহজন বৰ দয়ালু; তেওঁ মোক তেওঁৰ ঘৰতে থাকিবলৈ দিলে আৰু যথোচিতৰূপে শুশ্ৰুষা কৰিবলৈ লাগিল। এই দৰে প্ৰায় দুহ বাৰ-দিন হ’ল, মোৰ অৱস্থা একেবাৰেই শোচনীয় হৈ উঠিল। মই বাঁচিম বুলি কেৱেঁ নাজানিছিল। আন কি, দুই এজনে মোক খেদি দি হাৰ-মাল গুচাবলৈ তেওঁক উপদেশে দিছিল। কিন্তু তেওঁ দয়া-পৰবশ হৈ মোক তেওঁৰ আশ্ৰয়ৰ পৰা বঞ্চিত নকৰিলে। ঈশ্বৰৰ কৃপাত আৰু সেই মানুহজনৰ শুশ্ৰুষাত মোৰ ভালৰ লক্ষণে দেখা দিলে। লাহে লাহে গা ভাল হৈ আহিল, আৰু এসপ্তাহ মূৰত সম্পূৰ্ণৰূপে আৰোগ্য হ'লোঁ। গা ভাল হ'লত মোৰ শুশ্ৰুষাকাৰীৰ ওচৰত বিদায় লৈ হতাশ মনেৰে ঘৰমুৱা হৈ উলটিলোঁ আৰু আহি আহি নিৰ্বিঘ্নে নৈৰ ঘাট ওলালোঁ। তাৰ পাচত কি হ’ল, তাক কোৱা অনাৱশ্যক।”