পৃষ্ঠা:ফুল.pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৯
ফুল।

লাগিল। দেবেন্দ্ৰই মনে মনে ফুলৰ কাৰ্য্য়-নিপুণতাক শলাগিবলৈ ধৰিলে।

 পাঠক সকলৰ সুবিধাৰ অৰ্থে তেওঁলোকৰ কথা-বতৰা তলত তুলি দিয়া গ'ল।

 কনক।—পিচে, যদি মোক অবিশ্বাস নকৰা, তেন্তে গধুলি কম বোলা কোৱাঁ এতিয়া।

 দেবেন্দ্ৰ।—আপোনাক অবিশ্বাস কৰিম! মই আপোনাৰ সন্তান। সন্তানে কেতিয়াবা বাপেকিক অবিশ্বাস কৰিব পাৰে নে?

 কনক।—বাৰু, কোৱাঁ তেনে হলে।

 দেবেন্দ্ৰ।—কথাটো এই,—মানৰ উপদ্ৰৱ বৰকৈ অসহনীয় হোৱাত, স্বৰ্গদেৱে ৰণ কৰিবৰ ইচ্ছাৰে কিছুমান সৈন্য় লৈ উজাই আহিছে। কিন্তু তেওঁৰ সৈন্য-সংখ্যা নিচেই অলপীয়া। সেই দেখি, তেওঁক সাহায্য কৰা কৰ্ত্তব্য় ভাবি, ময়ো কিছুমান সৈন্য লৈ তেওঁৰ লগ লবলৈ আহিছোঁ।

 কনক।—মোৰ মনেৰে কামটো বৰ ভাল নকৰিলা।

 দেবেন্দ্ৰ।—কিয়?

 কনক।—আজিলৈকে মানৰ লগত কেইখন যুঁজ হৈছে কিন্তু আমাৰ সৈন্য কোন বাৰ জিকিছে? যি মানৰ দিন, মানৰ দিনেই। কি জানি ইমানতে আহোম স্বৰ্গদেৱসকলৰ অন্ত পৰাটোৱেই বিধাতাৰ ইচ্ছা!