দেবেন্দ্ৰ।—সেয়ে যদি হয়, তেনেহলে মই তাৰ এটা চিন ৰাখি যাব খোজোঁ। ৰাখিবা নে তুমি?
ফুল।—কি?
উত্তৰত দেবেন্দ্ৰই আঙ্গুলীৰ পৰা এটা বাখৰ পতা আঙ্গঠি সোলোকাই ল'লে; ফুলে একো নামাতিলে। দেবেন্দ্ৰই ক’লে :—“যদি খং নকৰা, তেনেহলে মোৰ কঠুৱা হাতেৰেই তাক উপযুক্ত ঠাইত থ’ব খোজোঁ।”
ফুলে একো নামাতিলে; দেবেন্দ্ৰই ফুলৰ হাতৰ উদ্দেশ্যে হাত মেলিলে। ফুলৰ গোটেই শৰীৰ কঁপি উঠিল, লাহে লাহে সোঁহাতখন আগ বঢ়াই দিলে। ফুলৰ হাতত থকা মালাধাৰ হঠাৎ হাতৰ পৰা সবি দেবেন্দ্ৰৰ ভৰিত পৰিল, দেবেন্দ্ৰই তাক আগ্ৰহেৰে তুলি লৈ ডিঙিত পিন্ধিলে। তাৰ পিচত আঙঠি পিন্ধাবলৈ ফুলৰ হাতত ধৰিলে। কিবা এটা অবৰ্ণনীয় পুলকত তেওঁৰ গোটেই গা কঁপি উঠিল; স্বৰ্গীয় পাৰিজাতৰ গোন্ধ নাকত সোমোৱা যেন লাগিল। তেওঁ আঙঠিটো লাহে লাহে ফুলৰ আঙুলীত সুমুৱাই দি তেওঁৰ হাতখন অলপমান বেলি দুয়োখন হাতৰ মাজত সুমুৱাই ৰাখিলে। তাৰ পিচত ফুলৰ হাতটো লাহে লাহে ওপৰলৈ তুলি—ছি, ছি,—দেবেন্দ্ৰই চুমা খালে।
ফুলৰ হাত এৰি দেবেন্দ্ৰই মালাধাৰ সোলাকাই লৈ কলেঃ—“তোমাৰ মালাধাৰ তুমি ইচ্ছা কৰি দিয়া নাই,