পৃষ্ঠা:ফুল.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
ফুল।

তুমিয়েই বুলি মোৰ মনত দৃঢ় বিশ্বাস জন্মিল। যদিও সেই ঠাইৰ পৰা ইয়ালৈ বহুতো দূৰৈ, ৰাতি আন্ধাৰ আৰু বাট-পথো, পাবলৈ নাই, তথাপি যেনে তেনে বিয়া নৌ হৈ উঠোঁতেই এই খিনি পাবলৈ মই প্ৰাণপণে খোজ কাঢ়িবলৈ ধৰিলোঁ। গাওঁ পায়ে বিয়াৰ ঘৰ উলিয়াওঁতে কিছু পলম হৈছিল। বিয়া ঘৰৰ পদূলিতহে মই উশাহ ল’ব পাৰিছিলোঁ। পদূলিতে থিয় হৈ মই দেখিলোঁ বিয়াৰ পাতনিহে পাতিছে। মই তাতে এখন্তক ৰ'লোঁ, কিন্তু প্ৰকৃত তথ্য কেনেকৈ পোৱা যাব, আৰু যদি মোৰ অনুমান সঁচা হয়, তেন্তে কেনেকৈ তোমাক উদ্ধাৰ কৰা যাব, তাকে ভাবিবলৈ ধৰিলোঁ। সেই বুলি তেনে অৱস্থাত যে বৰ বেছি পৰ থাকিবলৈ পাইছিলোঁ এনে নহয়। মই পদূলি পোৱাৰ অলপ পিচতে এটা লৰা সেই ফাললৈ ওলাই আহিছিল, মই আন্ধাৰত থকাৰ কাৰণে সি পোনতে মোলৈ মন কৰা নাছিল। মই ভাবিছিলোঁ সি মোৰ ওচৰ পালে, তাৰ পৰা মনে মনে আঁতি-গুৰি ল’ম, কিন্তু সি হঠাৎ মোক দেখি “মান ঔ” বুলি চিঞৰি মাৰি একে লৰেই কোনোবা খিনি পালেগৈ। তাৰ পিচত কোন কেনি গ'ল, তাৰ ঠিক নাই। সুযোগ দেখি মই সোমাই আহিলোঁ। ঠিক সেই সময়তে তোমাক এই ফাললৈ লৰি অহা দেখিলোঁ, কিন্তু তেতিয়া মই তোমাক চিনি পোৱা নাছিলোঁ! সেই দেখি গা দেখা নিদিয়াকৈ তোমাৰ পিচে পিচে ইয়ালৈকে আহিলোঁ তুমি কলৈ আহিছিলা তাকে তেতিয়া বুজিবৰ উপায় নাছিল। যেতিয়া তুমি নৈৰ