পৃষ্ঠা:ফুল.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
ফুল


নন্দ গৈল বাথানে গোৱাল গৈল পাল।
সুৰভি চাৰিতে লাগে উঠ ৰে গোপাল॥
ক্ষীৰ-লৱণু লৈয়া শিঙ্গা বেত বেণু।
সকালে মেলিও বৎস হেম্বালাৱে ধেনু॥
কহয় মাধৱ মাই কিনো তপসাইলা।
ত্ৰিজগত-পতি হৰি ৰাখোৱাল পাইলা।”

 গীত শেষ হল। কিন্তু পাচৰ মুহুৰ্ত্ততে কাৰবাৰ কৰুণ ক্ৰন্দন ধ্বনি তেওঁৰ শ্ৰুতিগোচৰ হ’ল। তেওঁ কোবাকুবাকৈ সেই শব্দৰ ফাললৈ খেদি গ'ল। গৈ দেখিলে এটা জকা- ওলোৱা, মৰকুচীয়া, খৰানকা, ওলোমাপেটা, অভঁজা মানুহে এজনী অপৰূপ ৰূপ-লাৱণ্যৱতী গাভৰুক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। ছোৱালীজনী বৰ ধুনীয়া। পূৰ্ণিমাৰ জোনৰ দৰে তেওঁৰ মুখৰ গঢ় অতি সুন্দৰ। গাল দুখন গোলাপৰ পাহি যেন কোমল আৰু তেজেৰে ফুটি যাওঁ যাওঁ হোৱা, ওঁঠ দুটিৰ বৰণ কোৱাভাতুৰীৰ বাহিৰ ফালে চালে চাবই নালাগে। তাৰ পৰা যেন টপ্‌ টপ্‌ কৰে মৌৰ টোপাল হে সৰিছে! চকু দুটিয়েই বা কি সুন্দৰ! দেখিলে দৰ্শকেৰ মন-প্ৰাণ সেই ফাললৈ আকৰ্ষিত হোৱা যেন লাগে। কিন্তু এতিয়া তাত প্ৰফুল্লতাৰ চিন নাই। চকুৰ ভূৰ দুটি কাউৰীৰ ঠোঁট যেন ক’লা আৰু ধেনুৰ দৰে দুয়ো মূৰ তললৈ নামি অহা। চুলিতাৰ কিচ্‌ কিচ্‌ কৰে ক'লা আৰু আগ ফাললৈ সাপৰ নেগুৰৰ দৰে চিঁয়া। আন সময়ত চাগৈ গোন্ধ তেল সানি, মেলাই, সেওঁতা ফালি