পৃষ্ঠা:ফুল.pdf/১০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০০
ফুল।


ধূৰ্ত্ত,—ৰান্ধনি উচটাই জোলখোৱা। ফুলক ভুলাই-চলাই কোনোমতে ৰসটোপা চুহিবলৈ পালেই তাৰ সকলো সিদ্ধি। তেতিয়া, সি ফুললৈ উভতি নাচায়, ফুলৰ কাকূতি নুশুনে, ফুলে অভিমানত মুখ ওন্দোলোৱা দেখিলে মান ভাঙিবলৈ নাহে। ভোমোৰাৰ এই ধূৰ্ত্তালি দেখি পাতৰ মাজৰ পৰা কুলিয়ে মাত লগাইছে,—“কু-উঃ”—উঃ, কি কুকাৰ্য্য!

 চাৰিওফালে এনে প্ৰাকৃতিক কাৰ্য্য-কলাপৰ সৌন্দৰ্য্য দৰ্শন কৰি কত ভাবুক ভাবত মগন হৈছে, তাৰ ঠিক নাই। কিন্তু পদ্মকান্তৰ মনত আজি এইবোৰ নৰকৰ দৃশ্য যেন হে লাগিছে; যেন সৌন্দৰ্য্যৰ প্ৰতি ভাগতে প্ৰবঞ্চনাৰ মূৰ্ত্তি লুকাই আছে। তেওঁ তাত চকু নিদি নিজ কাৰ্য্যোদ্ধাৰৰ উপায় চিন্তিবলৈ ধৰিলে। এনেতে এটা বৰগীতৰ সুৰ ধীৰ বতাহত উটি আহি. তেওঁৰ কাণত সোমাল। তেওঁ একে থৰে গীতটো শুনিবলৈ ধৰিলে।—

“তেজৰে কমলাপতি পৰভাত নিন্দ।
তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ॥
ৰজনী বিন্দুৰ দিশ ধৱলি বৰণ।
তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ॥
শত-পত্ৰ বিকসিত ভ্ৰমৰ উৰায়।
ব্ৰঞ্জ-বধু দধি মথে তুৱা গুণ গায়॥
দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥