পৃষ্ঠা:ফুল.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ফুল।

 ডেকা।-সম্প্ৰতিকে মই কলৈকো যাব নোৱাৰোঁ, মোৰ কেইজনমান লগৰীয়া আছে, তেওঁলোক এতিয়াও আহি পোৱা নাই।

 লগুৱা—যদি তেওঁলোক আজি নাহে।

 ডেকা।—তেতিয়া যি হয়, এটা কৰা যাব।

 লগুৱা।— বাৰু, আপোনাৰ যি ইচ্ছা তাকে কৰক। আমি এতিয়া আহিলোঁহে। কিন্তু এটা কথা। আপুনি যেনে তেনে দুখীয়াৰ বহাত যেন এবাৰ ভৰিৰ ধূলা পেলাই আনন্দ দিয়ে।

 তাৰ পাচত, আগে আগে লগুৱাটো আৰু পাচত গাভৰু ঘৰমুৱা হৈ যাবলৈ ধৰিলে। যাবৰ সময়ত গাভৰুৱে ডেকাৰ ফাললৈ কেৰাহিকৈ চাই যাবলৈ ধৰিলে। ই কিহৰ চাৱনি! কৃতজ্ঞতা প্ৰকাশৰ দৃষ্টি নে? নিশ্চয় নহয়। এই দৃষ্টিত হৃদয়ৰ অন্ত স্থলৰ কিবা এটি গুপুত বাসনাৰ ৰহণ জিলিকি পৰিছে।

 ডেকায়ো চকুৰে দেখালৈকে একেথৰে গাভৰুলৈ চাই থাকি, অদৃশ্য হলত, আকৌ আগৰ শিলটোতে বহি কিবাকিবি ভাবিবলৈ ধৰিলে। তেওঁৰ দৃষ্টিতো যেন কিবা এটি বাসনাৰ ছাঁ পৰিছিল।

————