পৃষ্ঠা:ফুল.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৮
ফুল।

সলাই যাবলৈ ওলাল; কনক আৰু ফুলৰ ওচৰত কৃতাঞ্জলি- পুটে বিদায় লৈ দেবেন্দ্ৰ ঘোৰাত উঠিল। ঘোৰা বিজুলী- বেগেৰে চেকুৰিবলৈ ধৰিলে। কনক আৰু ফুলে চাই থাকোঁতেই নিমিষৰ ভিতৰতে দেবেন্দ্ৰ তেওঁলোকৰ দৃষ্টিৰ বহিৰ্ভূত হৈ পৰিল।

———————



ষষ্ঠ অধ্যায়।

⸺:০:⸺

মান সেনা।

 সন্ধ্যা-সময়ত দেবেন্দ্ৰনাথে তেওঁৰ সৈন্যবোৰৰ লগ পালে গৈ। সৈন্যবোৰে তেওঁৰ আগমন অপেক্ষা কৰি, ভৰলীৰ আন এটা ঘাটত বাহৰ কৰি আছিল। তেওঁ গৈ পোৱা মাত্ৰেই সকলোৱে জয়ধ্বনি কৰি উঠিল। সেই ধ্বনি কেউফালৰ গছ বিলাকত লাগি প্ৰতিধ্বনিত হবলৈ ধৰিলে আৰু লাহে লাহে ধীৰ বতাহৰ লগত মিহলি হৈ শূন্য়ত বিলীন হ’ল। তাৰ পাচত দেবেন্দ্ৰনাথ ঘোৰাৰ পৰা নামিল , এটা মানুহ আহি ঘোৰাটো ধৰিলে। তেওঁ গৈ গছৰ তলতে আসন গ্ৰহণ কৰিলে; সৈন্যবোৰ আহি তেওঁৰ কেইফালে বেৰি বহিল। দেবেন্দ্ৰনাথে সুধিলেঃ—“তোমলোক কেনে আছাহঁক?”