পৃষ্ঠা:ফুল.pdf/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০
ফুল।

দুখ কৰ্ম্মফল বা বিধাতাৰ লিখন বুলি ক্ষান্ত থাকিলেও মোৰ একো হানি নহয়। মই ক'ব পাৰোঁ,—ৰম্ভা মোৰ কি? মই কিয় তেওঁৰ নিমিত্তে কষ্ট কৰিম। কিন্তু ৰম্ভা আন নহলেও, মোৰ লগত তেওঁৰ ভাই-ভনীৰ সম্বন্ধ আছে। কিয়নো, আমি দুয়ো একে জন পৰম পিতাৰ সন্তান। আৰু যদি মোৰ লগত তেনে সম্বন্ধও নাথাকে, তথাপি পৰৰ উপকাৰ কৰাত নো হানি কি? নিষ্কৰ্ম্মা হৈ পৰি থকাতকৈ, যিটো কামৰ পৰা নিজৰ বা পৰৰ একো অপকাৰ নহয়, তেনে এটা কামত লাগি যোৱাত দোষ কি? জ্ঞানী লোকে কৈছে,—

ধনানি জীৱিতং চৈৰ পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেৎ।
সন্নিমিত্তে বৰং ত্যাগো বিনাশে নিয়তে সতি॥

গতিকে, আজি মই মন বান্ধিলোঁ, ৰম্ভাক বিচাৰিম। যদি সোনকালে বিচাৰি উলিয়াব নোৱাৰোঁ, তেন্তে এবছৰলৈ বিচাৰিম। সিমানতো যদি মোৰ উদ্দেশ্যৰ গুটি নধৰে, তেতিয়া মূৰত কলঙ্কৰ বোজা লৈ, নিষ্কম্মা হৈ জড়ত্ব লভিবলৈ চেষ্টা কৰিম।”

 পদ্মই এইদৰে আগ-গুৰি নোহোৱা চিন্তাৰ সোঁতত ওপঙি ফুৰোতেই গগনবিহাৰী সূৰ্য্য়ই নিজৰ জুইৰ নিচিনা কিৰণ ছটিয়াই, মানুহৰ হাড়, ছাল আৰু মঙহ একেলগে গোটাই খিচিৰি পাগিবৰ মনেৰে গোটেই নিশা কামত ব্যস্ত থকা চন্দ্ৰক জিৰণি লবলৈ শোৱাপাটীলৈ পঠিয়াই দি, নিজৰ কৰ্ত্তব্যৰ মেটমৰা ভাৰখন কান্ধত তুলি ললেহি। লাহে লাহে গছৰ আগবিলাক সোণালী হৈ উঠিল। পুখুৰীৰ পানীৰ ঢৌৰ লগত তেওঁৰ ৰশ্মিয়ে নৃত্য