পৃষ্ঠা:ফুল.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফুল।

⸻:0:⸻

প্ৰথম অধ্যায়।

⸻0⸻

নৈৰ দাঁতিত।

 বহাগ মাহ। বেলি দুপৰ। আকাশ নিৰ্ম্মল,—ক’তো অলপো ডাৱৰৰ চিন দেখিবলৈ নাই। সূৰ্য্য়ৰ প্ৰখৰ ৰশ্মি পোনে পোনে আহি পৃথিবীত পৰিছে। ওপৰলৈ চাবই নোৱাৰি; কেউফালে যেন জুইৰ হে আগ। তাপত সকলো বস্তু শুকাই খৰ্খৰীয়া হৈছে। আলিবাটবোৰ ধূলিৰেই ভৰি পৰিছে। হোলা- ডোবা আদিত অলপো পানীৰ চিন নাই, ফাটি ফাটি তলি- বিলাক পকা চিৰাল যেন হৈছে। বেলিৰ তাপে খাওঁ খাওঁ মূৰ্ত্তি ধৰি মানুহৰ তৰণি হেৰুৱাইছে;তলি-ফটা কলহৰপৰা বিৰিঙি বিৰিঙি পানী ওলোৱাদি, প্ৰতি নোমৰ গুৰিৰ পৰা ঘামৰ টোপাল বিৰিঙি ওলাইছে। তত নেপাই বাটৰুৱা মানুহবিলাকে গছৰ তলে তলে বহি জিৰণি লৈছে। এনে সময়ত এজন