পৃষ্ঠা:ফুল.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অষ্টম অধ্যায়।
⸻:০:⸻
ৰম্ভাৱতী।

 কনকৰ ঘৰৰ পৰা প্ৰায় বাৰ মাইলমান আঁতৰত এখন ডাঙৰ হাবি আছে। তাত সাধৰণতঃ মানুহৰ বসতি নাই বুলিলেই হয়। হাবিৰ মাজে মাজে দুটা এটা ভগা ঘৰ দেখিবলৈ পোৱা যায়। সেইবোৰ ঘৰত আগেয়ে মানুহৰ বসতি আছিল, কিন্তু মানৰ প্ৰথম আক্ৰমণৰ সময়তে সকলোবিলাক পলাই গৈ, ইয়াক অগম্য অৰণ্য হবলৈ এৰি দিয়ে। অৱশ্যে, তাকৰীয়া লোক সংখ্যাৰ বাবে ই আগেয়েও আধা জাৰণি আছিল।

 মানৰ অত্যাচাৰত তৰণি নাপাই শান্ত প্ৰজা পলাই যোৱা দেখি, কিছুমান দুষ্ট মানুহে নিজৰ ৰক্ষা আৰু জীবিকাৰ নিমিত্তে মানৰ ভাও জুৰি, মানৰ দুষ্ট প্ৰবৃত্তিৰ অনুসৰণ কৰি, লুং-লাং ঠুং-ঠাং মাত মাতি, মানৰ নিচিনাকৈ যাৰে যিহকে পাই তাকে লুটি নিয়া বৃত্তিত ধৰে আৰু তেনে মানুহৰ কিছুমান গোট খাই একোটা দল বান্ধি সুবিধাজনক হাবিৰ মাজত বসতি লয়। এতিয়া এই হাবিৰ মাজতো তেনে বিধৰ এদল মানুহ থাকে।

 সন্ধ্যা ভাগোঁ ভাগোঁ হওঁতে দুজন মানুহে সেই জাৰণিৰ দুৰ্গম বাট অতিক্ৰম কৰি বেগেৰে মাজলৈ সোমাই গ'ল আৰু এটা ঘৰৰ দুৱাৰ মুখত থিয় হৈ মাত লগালে, “ভোলা”।