পৃষ্ঠা:ফুল.pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫১
ফুল।

নাই; তোমালোকৰ কথাত মই মান্তি হব নোৱাৰিলোঁ। মোৰ নিচিনা নিছলা মানুহ তোমালোকৰ দৰে চহকী মানুহৰ মিতিৰৰ লায়ক নহওঁ। তদুপৰি, মোৰ আগলৈকো নাই, পাচলৈকো নাই, তাইয়ে মোৰ জীৱন সৰ্ব্বস্ব,— চকুৰ মণি। গতিকে, সিমান দূৰলৈ আঁতৰাই দিবৰ ইচ্ছা নাই।”

 মেহেঙা।—আপোনাক বন্দী-বেটী, হাতী-ঘোৰা যি লাগে তাকে দিবলৈ গাত ল’ব পাৰোঁ। আপুনি মুঠেই আমাৰ কথাত মান্তি হলেই হয়।

 কনক।—মই বুঢ়া মানুহ। মোক হাতী ঘোৰা, বন্দী–বেটী কেলেই লাগিছে! ফুলক নেদেখিলে যে মই এখন্তকো থাকিব নোৱাৰোঁ।

 তাৰ পাচত দুয়োপক্ষৰ নানা প্ৰকাৰ কথা-বতৰা হ'ল কিন্তু কনকৰ কথা নলৰিল।

 কনকৰ লগুৱাটো ওচৰৰ এটা ঘৰত শুই থকাৰ পৰা সকলো কথা শুনি আছিল। এতিয়া পাটীৰ পৰা উঠি পোন চাতেই তেওঁ লোকৰ মাজত ওলালহি আৰু কনকলৈ চাই সুধিলেঃ—“এই কেইটা নো ক’ৰ মানুহ?”

 মেহেঙা আৰু মদনে চকু টিপিয়া-টিপি কৰিবলৈ ধৰিলে, তাকে দেখি লগুৱাটোৱে কনকলৈ চাই কলেঃ— “আপুনি কি এই কেইটাৰ লগত বেলবেলাই আছে, ইহঁত নো ফুল আইদেউৰ জোৰৰ নে?”

 এই কথা শুনা মাত্ৰকে সিহঁত দুয়ো বহাৰ পৰা উঠিল।