কুটা এগছো কাহানিও তুলি নলয়, যি পৰা পক্ষত পৰৰ উপকাৰ কৰিবলৈ পাচ নোহোঁহঁকে তাৰ সুখ নাই, তাৰ পদে পদে বিপদ, পদে পদে শত্ৰু। সেই হে মানুহে ঈশ্বৰক কণা বোলে। বাস্তৱতে বিধতা কণা।—”
ফুলে একেৰাহে এই অদ্ভুত ধৰণৰ তিৰুতাজনীলৈ চাই থাকি সুধিলেঃ—“আপুনি কোন? কিয় সংসাৰৰ আৰু ইয়াৰ স্ৰজোঁতাৰ ওপৰত ইমান খং। কোনোবা শত্ৰুৱে আপোনাৰ কিবা চেনেহৰ বস্তু কাঢ়ি নিলে নে কি? আপুনি ঈশ্বৰৰ ওপৰত দোষ নিদিব, ঈশ্বৰ নিৰপেক্ষ। তেওঁ সকলোৰে পাপ-পুণ্য দেখি আছে। কাপোৰৰ মাজৰ জুইৰ ফিৰিঙতি লাহে লাহে জ্বলি উঠা দি, পাপীৰ অন্তৰো সময়ত পাপ জুয়ে পুৰি ছাই কৰিব। যদি আপোনাৰ কিবা বিপদ —।”
তিৰুতা।—কিবা বিপদ!—মোৰ যি বিপদ, যি কষ্ট, যেনে বেজাৰ, তাক কোনোবাই ভুগিবলৈ পাইছে নে নাই, সন্দেহ। পাপাত্মহঁতে মোৰ হৃদয়-সৰ্ব্বস্ব, চকুৰ মণিটি কাঢ়ি নিলে; সেই কাৰণে, আজি মই কণা! আইদেউ! পলম নকৰিবা, তুমি সোনকালে পলোৱাঁ। নহলে যদি তোমাৰ কোনোবা আছে তেন্তে তেৱোঁ মোৰ নিচিনা হ’ব। পলম নকৰিবা আইদেউ। এক্ষন্তেকৰ পলম কৰিলেই বিপদত পৰিবা। এতিয়াও পলাবৰ সময় আছে। মোৰ কথা পাগলীৰ কথা বুলি দলিয়াই নেপেলাবা। সঁচাকৈয়ে মই উন্মাদিনী; কিন্তু এতিয়া যি কেষাৰ কথা ক'লো, সি বলিয়াৰ প্ৰলাপ নহয়; মই জানি-