পৃষ্ঠা:ফুল.pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩
ফুল।

 কনক।—সেইটো হবই নোৱাৰে। অতিথি পাই সৎকাৰ নকৰাকৈ কেতিয়াও এৰিব নোৱাৰোঁ আৰু তেনে কৰিলে মোৰ পিতৃ-পিতামহে নকৰা কাম কৰিব লাগিব।

 আলহী নিমাত হ'ল।

 কনকে আলহীৰ আপাদমস্তক নিৰীক্ষণ কৰি অলপ পাচতে সুধিলে,—“বোপা। তুমি ক'ৰ পৰা আহিছা?”

 আলহী। —ধৰ্ম্মপুৰৰ পৰা।

 কনক।— নাম কি?

 আলহী।— দেবেন্দ্ৰনাথ বৰুৱা।

 কনকে অলপ বেলি ৰ লাগি থাকি ক'লে, “বোপা! মই তোমাক দেখিবৰে পৰা চিনো চিনো লাগিছে। তুমি মহেন্দ্ৰনাথ বৰুৱাৰ পুতেক নোহোৱা নে?”

 দেবেন্দ্ৰই ‘হওঁ' বুলি কৈ কনকৰ মূৰৰ পৰা ভৰিলৈকে চাবলৈ ধৰিলে।

 কনক। —বোপা! মই যি সন্দেহ কৰিছিলোঁ, সেয়ে। তুমি মোৰ অতি আপোন মানুহ। তোমাৰ দেউতাৰা মোৰ পৰম বন্ধু আছিল আৰু দুয়োৰো ঘৰলৈ দুয়োৰো অহা যোৱা চলিছিল। পিচে, মোৰো পৰিবাৰ ঢুকাল, তোমাৰো দেউতাৰাৰ মৃত্যু– বাতৰি শুনিলোঁ। তেতিয়াৰে পৰা আজি সাত বছৰ হ'লহি, মই সেই ফাললৈ মুকে কৰা নাই। মই দেখোঁতে তুমি সৰু আছিল, সেই হে চিনোতে পলম হ'ল। কিয়, তুমি কনকচন্দ্ৰ নামে কাৰো নাম শুনা নাই নে?