পৃষ্ঠা:ফুল.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ফুল।

তলি নেদেখাকৈ উলটি অহা অসম্ভব। গাভৰুৰো আজি সেয়ে হ’ল। আন সময়ত তেওঁ এই ঘুলিলৈ লক্ষ্য ৰাখি পানীত নামে; আজি কিন্তু সেই অপৰিচিত ডেকাক দেখি কিবা ভাবনাত মগ্ন হৈ সেই কথা পাহৰি গ'ল। অজ্ঞাতসাৰে ঘুলিৰ দাঁতিত ভৰি দিলে আৰু মুহূৰ্ত্ততে ঠাউনি নোপোৱা পানীত পৰি ককবক কৰিবলৈ ধৰিলে।

 অলপ সময়ৰ ভিতৰতে গাভৰুক লৈ ডেকাজন পাৰলৈ উঠিল। পানীত পৰাৰ পৰা গাভৰুৰ আন অপকাৰ বিশেষ একো হোৱা নাছিল, মাথোন হঠাৎ ভয় পোৱাৰ বাবে মূৰ্চ্ছা গৈছিল। অলপ পিচতে তেওঁৰ সম্পূৰ্ণৰূপে সংজ্ঞা আহিল; পানীত পৰোঁতে গাভৰুৰ সাজপাৰ বিশৃঙ্খল হৈ পৰিছিল। ৰিহাৰ আচল খহি গৈছিল, চুলিবিলাক সিচ্‌ৰতি হৈ পৰিছিল। এতিয়া এজন অচিনাকি মানুহৰ আগত তেওঁ নিজৰ অৱস্থাটো দেখি লাজতে ৰঙা পৰিল; লৰালৰিকৈ কাপোৰ-কানিখিনি ভালকৈ ল'লে। ডেকাজনে তেতিয়া কিবাকিবি কেইবাটাও প্ৰশ্ন সুধিলে, কিন্তু গাভৰুৰ মুখৰ পৰা কোনো কথা নোলাল। ডেকাই তেওঁক কেনে অৱস্থাত সাবটি ধৰি পাৰলৈ তুলিছিল, সেই কথা ভাবি তেওঁ লাজতে মূৰ দাঙিব নোৱৰা হ'ল; এবাৰ কি দুবাৰ যদিও চেষ্টা কৰিছিল, তথাপি ডেকাৰ চকুত চকু পৰা মাত্ৰকে আকৌ তলমূৰ কৰিলে। ডেকাই আন প্ৰশ্নৰ উত্তৰ নাপাই শেহত সুধিলেঃ–“তুমি জানো অকলৈ ঘৰলৈ যাব পাৰিবা?”