পৃষ্ঠা:ফুল.pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৯
ফুল ।


কাছৰ দৰে পিঠিত ভাত ৰন্ধা আখাৰ উধান যেন এটা কুঁজ, বাওঁ ভৰিটো অলপ চুটি, গতিকে, খোজ কাঢ়িবৰ সময়ত ভেকুলীৰ দৰে, জঁপিয়াই যায়। মদন মেহেঙাতকৈ প্ৰায় এবেগেতৰ ওখ, দাঁ‌তকেইটা উজলা, সোঁ‌ চকুটো কেঁৰা, তলৰ ওঁঁঠটো বৰ শকত। উভয়ৰে বৰণ এঙাৰৰ দৰে ক'লা। ডাঢ়ি- চুলিবিলাক মাজে মাজে বগা হৈ পৰিছে, কিন্তু বল হলে যথেষ্ট আছে।

 কনকৰ কথা শুনি মেহেঙাই কলেঃ—“আপুনি চিনি নাপাব তো, আমি আগেয়ে এই ফাললৈ অহাই নাই। আমাৰ ঘৰ নগাঁ‌ৱত।”

 কনক।—পাচে, অহাৰ সকাম কি?

 মেহেঙা।—সকাম বৰ ডাঙৰ। পিছে, আপুনি কি কৰে জানো?

 কনক।—আগেয়ে শুনিলে হে উত্তৰ দিব পাৰোঁ‌।

 মেহেঙাই মদনৰ চকুলৈ চালে, দুয়োটাই চকুৱে চকুৱে কিবা কথা হ'ল। সিহঁতক নীৰৱ দেখি কনকে আকৌ সুধিলেঃ—
“কি হে, একো নকলা দেখোন।”

 মেহেঙা।—ক'বলৈ অলপ খোকোজা লাগিছে। কথাটো এই,—আপোনাৰ লগত মিতিৰ পাতিবৰ আশাৰে আহিছিলোঁ।

 কনকৰ মনত সন্দেহ হ'ল। অলপ বেলি নীৰৱে চিন্তা কৰিলে। তাকে দেখি মেহেঙাই ক'লেঃ—“আপুনি ভয় নকৰিব, যাৰ লগত মিতিৰ পাতিবলৈ অপোনাক ধৰিছে, তেওঁৰ