পৃষ্ঠা:ফুল.pdf/১০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৬
ফুল।

 কিন্তু হায়! অসমীয়াৰ ওপৰত ঈশ্বৰৰ কিবা শাওপাত আছে, বিধাতাই অসমীয়াৰ কপালত চিৰ-দিন বিদেশীৰ পদলেহন কৰিবলৈকে লিখিছে, সি কেতিয়াও খণ্ডন নহয়। স্বৰ্গদেৱৰ খাৰ বাৰুদ আদি ৰণৰ সঁজুলি ঢুকাই আহিল আৰু লগে লগে মান সৈন্যৰ বল বাঢ়ি আহিবলৈ ধৰিলে। গতিকে, যদিও অসমীয়াৰ সম্পূৰ্ণ জয়ৰ লক্ষণ দেখা গৈছিল, তথাপি সি অসমীয়াৰ কপালত ঘটি নুঠিল। খাৰ-বৰুদহীন নিৰস্ত্ৰ অসমীয়াই হতাশ হৈ সশস্ত্ৰ মানৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবৰ নিমিত্তে বাধ্য হ’ল। বহুতে মানৰ হাতত প্ৰাণ শোধালে, বাকীবিলাক নিৰস্ত্ৰ হৈ মানৰ হাতত মৰাতকৈ ৰণস্থললৈ পিঠি দিবলৈ সাজু হ’ল। এনেতে “জয় অসমৰ জয়,” “জয় স্বৰ্গদেৱৰ জয়” ৰবেৰে খলক লগাই, হাতত খোলা তৰোৱাল নচুৱাই, এজন শকত আৱত সুন্দৰ যুবা পুৰুষ সদলে ৰণক্ষেত্ৰত প্ৰবেশ কৰিলে। আকৌ ঘোৰ যুদ্ধ হ'বলৈ ধৰিলে। সিঁচৰিত হৈ যোৱা অসমীয়া সৈন্য আকৌ চাপি-কুচি আছিল। নতুন ৰণুৱাই সাহায্য কৰিবলৈ অহা দেখি স্বৰ্গদেৱে নথৈ আনন্দ পালে। বিজয়- সঙ্গীত গাই মতলীয়া হোৱা মানসৈন্য পুনৰাক্ৰমণ দেখি ক’লা পৰিল।

 যুৱক ভয়ানক যোদ্ধা। গজেন্দ্ৰৰ দৰে কালৈকো ভ্ৰূক্ষেপ নকৰি বেলিৰ পোহৰত জিক্ মিকাই থকা খোলা তৰোৱাল হাতত লৈ মানসেনাৰ মাজত সোমাল আৰু সন্মুখত যাকে য’তে পালে কাটিবলৈ ধৰিলে। তৰোৱালৰ জন্ জননিত মানুহৰ কাণ তাল