পৃষ্ঠা:ফুল.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
ফুল।

 পদ্ম।—তুমি অৱশ্যে বুজিব পৰা নাই; বাৰু মই তোমাক ভাঙি কওঁ। তুমি যি পশুহঁতৰ হাতৰ পৰা পলাই আহিছা, পিতাদেৱো তাৰে এজন। গতিকে, তুমি, এক মুহূৰ্ত্তও পলম নকৰি এতিয়াই পলোৱাঁ। নহলে, ৰাতিটো গলে তুমি সৰা টান হব, আকৌ সেই পশুহঁতৰ হাতত পৰিবা। তুমি মোৰ কথাত অবিশ্বাস নকৰিবা, পলাবলৈ কাৰবাৰ কৰাঁ।

 ৰম্ভা ভয়ত ব্যাকুল হৈ উঠিল, গোটেই গা কঁপিবলৈ ধৰিলে, কলৈ যাব, কি কৰিব একো থিৰ কৰিব নোৱাৰি, একেবাৰেই বিমোৰ হৈ পৰিল। সৰসৰ কৰে চকু-লো ববলৈ ধৰিলে। তাকে দেখি পদ্মই ক'লেঃ—“ৰম্ভা! তোমাৰ চকুৰ পানীয়ে তোমাক ৰক্ষা কৰিব নোৱাৰে। এতিয়া গুণি-ভাবি থাকিবৰ সময় নহয়।”

 ৰম্ভাই চকুলো মচি মচি কলেঃ—“আপুনি যাবলৈ কৈছে হয়, কিন্তু এই দুপৰ ৰাতি অসহায় অৱস্থাত এই হতভাগিনী অকলে অকলে কলৈ যাব! এতিয়া মোৰ কৰিবলৈ একো নাই। একমাত্ৰ ৰক্ষাৰ উপায়—এই কটাৰীখন।” এই বুলি ৰম্ভাই কাপোৰৰ তলৰ পৰা কটাৰীখন উলিয়াই, জোঙাল আগটো বুকলৈ টোঁৱাই দাঙি ধৰিলে। (ৰম্ভাই সকলো সময়তে— আনকি, শোওঁতেও কটাৰীখন লগতে ৰাখিছিল।) কটাৰী দঙা দেখি পদ্মকান্তই বুজিলে যে ৰম্ভাই আত্মহত্যা কৰিব খুজিছে। তেওঁ “ৰম্ভা! কি কৰিব খুজিছা তুমি?”