পৃষ্ঠা:ফুল.pdf/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯২
ফুল।

 আগেৰে পৰা মিঙ্গিমাহা তিলোৱাই অসমত মান সেনাৰ নেতা বা সেনাপতি আছিল। এতিয়া স্বৰ্গদেৱ উজাই অহাৰ বাতৰি পাই মান দেশৰ পৰা মিঙ্গিমাহা বন্দুলা নামেৰে আৰু এজন সেনাপতি আহিল আৰু স্বৰ্গদেৱৰ গতি-ৰোধ কৰিবৰ কাৰণে আগ বাঢ়িল।

 মান সৈন্য আগ বঢ়াৰ গম পাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে তেওঁৰ সৈন্যবোৰক সাজু হবলৈ আদেশ কৰিলে। সকলো নিজ নিজ সাজ-সজ্জাৰে ভূষিত হৈ ৰণৰ নিমিত্তে প্ৰস্তুত হ'ল। স্বৰ্গদেৱে সকলো সৈন্যক সম্বোধন কৰি বজ্ৰনাদে কবলৈ ধৰিলেঃ—“সৈন্যসকল! আজি আমাৰ বহুতৰ এয়ে শেষ দেখাদেখি। কত জনে দুৰন্ত মান-বাঘৰ হাতত প্ৰাণ এৰিব লাগিব তাৰ ঠিক নাই। সেই বুলি কেৱে ভয় নকৰিবা, নিৰুৎসাহ নহবা; মাতৃভূমিৰ উদ্ধাৰাথে কোনেও এই মহা যজ্ঞত নিজৰ প্ৰাণ আহুতি দিবলৈ কুণ্ঠিত নহবা। সন্তানৰ ৰক্তপাত নোহোৱাকৈ কোনো দেশেই স্বাধীনতা লাভ কৰিব পৰা নাই। গতিকে, সকলোৱে প্ৰতিজ্ঞা কৰাঁ—যেতিয়ালৈকে শৰীৰত এটোপাল তেজ থাকিব, যেতিয়ালৈকে দেহ-প্ৰাণৰ বিচ্ছেদ নঘটে, তেতিয়ালৈকে ৰণ ক্ষেত্ৰত পিঠি নেদেখুৱাওঁ। সকলোৱে এক মন, এক প্ৰাণ আৰু এক ব্ৰতৰ ব্ৰতী হৈ, ৰণৰ নামত হিয়া নচুৱাই আগ বাঢ়া, নিশ্চয আ জ মানক সমুচিত প্ৰতিফল দিব পাৰিম, মাতৃভূমিৰ কণ্টক গুচাব পাৰিম।”

 সকলো সৈন্যই গৰ্জ্জি উঠিলঃ—“আজি মানক সমুচিত প্ৰতিফল দিম, মাতৃভূমিৰ কণ্টক গুচাম।”